বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকা আৰু নাই..

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকা আৰু নাই..
বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকা আৰু নাই..

ডিজিটেল ডেস্কঃ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকা আৰু নাই। কেইবাখনো জনপ্ৰিয় অসমীয়া ছবি পৰিচালনাৰ সৈতে জড়িত হাজৰিকাই ৭০ বছৰ বয়সত গুৱাহাটী হেঙেৰাবাৰীৰ নিজা বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে।

৬০ ৰ দশকত মুম্বাইত স্পট বয় হিচাপে চলচ্চিত্ৰ জগতত ভৰি থোৱা হাজৰিকাই সন্ধ্যাৰাগ, অণিৰ্বান, মণিৰাম দেৱান, আদালত, মৰমী. তৰামাই আদি ছবিৰ সহকাৰী পৰিচালক আছিল।

এক দুৰ্ঘটনাত পতিত হৈ দৃষ্টি শক্তি হেৰুৱাইছিল হাজৰিকাই। অবুজ বেদনা নামৰ ছবিখন পৰিচালনা কৰিছিল এই বিশিষ্ট পৰিচালকগৰাকীয়ে। অসমীয়াৰ উপৰিও আন ছবিৰ পৰিচালনাৰ সৈতে তেওঁ জড়িত আছিল।

উল্লেখ্য যে, এইগৰাকী বিশিষ্ট চলচ্চিত্ৰ পৰিচালৰ জন্ম হৈছিল ১৯৩০ চনত নগাঁৱৰ কামপুৰত। তেওঁ পৰিচালনা কৰি অবুজ বেদনা ছবিখন পৰৱৰ্তী সময়ত ডাবিং কৰা হৈছিল হিন্দীলৈ। দূৰদৰ্শনৰ ৰাষ্ট্রীয় কাৰ্যক্রমত দেখুওৱা হৈছিল অবুজ বেদনা।

ইয়াৰ উপৰিও তেওঁ ভোজপুৰী ভাষাৰ ‘গৌৰী’ ছবিখন পৰিচালনা কৰিছিল। বলিউডৰ ছবি ‘কানুন ৰং লায়েগী’ৰ সহ-পৰিচালনাৰ দায়িত্বতো আছিল হাজৰিকা।

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গুণসিন্ধু হাজৰিকা আৰু নাই..
ঠিকাদাৰ প্ৰেম নাহাতাক লেকাম ধৰিব কোনে? ঠিকাদাৰৰ কু অভিসন্ধিৰ বাবে নগাঁৱৰ হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী অসুস্হ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in