/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/70ad1241-26ab-4352-a045-be8879941c44/Gulab.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাত চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ খতিয়ান ল'বলৈ বুধবাৰে জিলা সদৰ কাজলগাঁৱত উপস্থিত হয় অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া । এদিনীয়া ভ্ৰমণসূচী লৈ চিৰাং জিলাৰ কাজলগাঁৱত উপস্থিত হোৱা ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াক উপায়ুক্ত কাৰ্যালয়ত আদৰণি জনাযই উপায়ুক্ত পি. বিজয় ভাস্কৰ ৰেড্ডী, ৰাজ্যসভাৰ সাংসদ ৰৌণগৌৰা নাৰ্জাৰী আৰু চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/2b0087f3-d6e9-4df9-b958-1cb8589dc596/8215e3f8_f069_414f_aa83_398194b9f882.jpg)
ৰাজ্যপাল গৰাকীয়ে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ উপৰিও আৰক্ষী তথা অন্যান্য নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে এক পৰ্য্যালোচনা সভাত অংশগ্ৰহণ কৰে। জিলা প্ৰশাসনৰ পৰা দৃশ্য-শ্ৰব্যৰ মাধ্যমেৰে ৰাজ্যপাল গৰাকীক জিলাখনত চলি থকা উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰে। ইয়াৰ পিছতে ৰাজ্যপাল গৰাকীয়ে ক্ৰমে শিক্ষা, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী বিভাগ, গ্ৰামোন্নয়ন বিভাগ, আৰক্ষী, জলসম্পদ, কৃষি, পৰিবহন বিভাগ আদি কৰি অন্যান্য বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/2b8dadf2-371d-4b74-9792-d89dcafae30a/313d53b0_5dc4_4f8e_92d5_1b23c60bfddc.jpg)
কিছু বিভাগৰ কাম-কাজত সন্তুষ্টি প্ৰকাশ কৰিলেও কিছু কিছু বিভাগৰ কাম-কাজত অসন্তুষ্টিও প্ৰকাশ কৰে ৰাজ্যপালগৰাকীয়ে। লগতে আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ বাবে পৰামৰ্শও আগবঢ়ায়। প্ৰায় নব্বৈ মিনিট পৰ্য্যালোচনা সভা অনুষ্ঠিত কৰি উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হয় ৰাজ্যৰ ৰেচম আৰু বস্ত্ৰশিল্প বিভাগৰ তথা চিৰাঙৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম । প্ৰায় কুৰি মিনিট সময় ৰাজ্যপাল গৰাকীয়ে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ সৈতে আলোচনা কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f2a82ece-337e-487a-a22b-91afe7ab0e38/20cd7091_ffae_4bf9_8609_5f6e6b3d3060.jpg)
আলোচনা কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই জিলাখনত চলি থকা চৰকাৰৰ উন্নয়নমূলক কামকাজৰ খতিয়ান দিবলৈ গৈ জনকল্যাণমূলক কামকাজত সন্তুষ্টি প্ৰকাশ কৰে। বিশেষকৈ আইন শৃংখলাৰ দিশত জিলাখনত শান্তিৰ পৰিৱেশ ঘুৰি অহা, জিলাখনত সাধাৰণ ৰাইজক ডিজিটেল পদ্ধতিত কম সময়ৰ ভিতৰত বিভিন্ন সা-সুবিধা আগবঢ়াই থকাৰ কথা উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/925a5890-9258-4c8a-9c4e-cf18a991d8af/8a751a54_0c33_4f4d_858f_239ffaea4d29.jpg)
লগতে জলজীৱন মিচনৰ আচঁনি সমূহ ৰূপায়নৰ ক্ষেত্ৰত জিলাখন বহুত পিছুৱাই থকাৰ কথা জানিবলৈ দিয়ে। চিৰাং জিলাৰ মাজেদি যোৱা ভাৰত-ভূটান সংযোগী আন্তজাৰ্তিক পথছোৱাৰ দুৰৱস্থাৰ কথা উল্লেখ কৰি কিছু অসন্তুষ্টি প্ৰকাশ কৰে কাটাৰিয়াই। এইক্ষেত্ৰত অতি সোনকালে জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উন্নয়নমূলক কাম-কাজৰ বাবে সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীসকলক একেলগ হৈ মিলিজুলি ৰাইজৰ উন্নতিৰ হকে কাম কৰি যাবলৈ আহ্বান জনায় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/2bc11683-c938-4f8c-8fd1-8a3c3e17212e/8e0f7569_4d7a_44c0_a633_74c998e512b6.jpg)
Also Read: ক্ষন্তেক সময় পিছতেই আৰম্ভ হ'ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল, পেচ বলাৰৰ বাবে নিৰ্মাণ কৰা হৈছে পিটছ...