অসম কৃষি বিশ্ববিদ্যালয়ত ৰাজ্যপাল আচাৰ্য গোলাব চান্দ কাটাৰীয়া

দেশৰ অৰ্থনীতি তেতিয়াহে আত্মনিৰ্ভৰশীল হ'ব যেতিয়া কৃষি লাভজনক হিচাপে পৰিগণিত হ'ব । খাদ্য উৎপাদনত স্বনিৰ্ভৰশীল হৈ কৃষিৰ জৰিয়তে দেশৰ ভৱিষ্যত গঢ় দিব লাগিব।

author-image
Asomiya Pratidin
New Update
অসম কৃষি বিশ্ববিদ্যালয়ত ৰাজ্যপাল আচাৰ্য গোলাব চান্দ কাটাৰীয়া

ডিজিটেল সংবাদ,যোৰহাটঃ দেশৰ অৰ্থনীতি তেতিয়াহে আত্মনিৰ্ভৰশীল হ'ব যেতিয়া কৃষি লাভজনক হিচাপে পৰিগণিত হ'ব । খাদ্য উৎপাদনত স্বনিৰ্ভৰশীল হৈ কৃষিৰ জৰিয়তে দেশৰ ভৱিষ্যত গঢ় দিব লাগিব। তাৰবাবে কম ভূমিত অধিক উৎপাদন কৰিব লাগিব। খেতি আৰু সম্পৰ্কিত বিষয়ত উন্নতি কৰি ধনী হ'ব লাগিব ।

Advertisment

অসমৰ নৱনিযুক্ত ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই আজি অসম কৃষি বিশ্ববিদ্যালয় পৰিয়ালক সম্বোধন কৰি এই মত ব্যক্ত কৰে। অসম কৃষি বিশ্ববিদ্যালয়ত আচাৰ্য তথা ৰাজ্যপাল গৰাকীয়ে ভাষণত লগতে কয় যে উৎপাদন ব্যয় বেছি হোৱা বাবে আৰু নিম্নতম সমৰ্থন মুল্য নোপোৱা বাবে কৃষিৰ প্ৰতি আগ্ৰহ কম । সেয়ে খেতিৰ দিশে যাবলৈ হ'লে খেতি লাভজনক হ'ব লাগিব।

সামুহিক ভাবে মনেৰে স্বীকাৰ কৰি কৃষি আৰু কৃষকৰ উন্নতিৰ বাবে আগবাঢ়িব লাগিব। একেলগে আগবাঢ়ি যাওতে সকলোৰে লগত মিলি কাম কৰিব লাগিব। দুৰ্বলতা সমুহ চিনাক্ত কৰি একেলগে আগবাঢ়ি যাব লাগিব। কেৱল দুৰ্বলতা দেখুৱাবলৈ গ'লে নিজেও দুবাৰ লগতে আনকো ডুবুৱাহে হ'ব আৰু এইদৰে উন্নতি অসম্ভৱ।কৃষি শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থী সকলক সংযুক্ত কৰি আগবঢ়াই নি কেৱল চাকৰি বিচৰাৰ পৰিবৰ্তে কৃষিত জৰিত হৈ চাকৰি দিব পৰা কৰিব লাগিব ।

মাটি নাবাঢ়ে মানুহ হে বাঢ়িব, গতিকে একেখিনি মাটিতে খেতি কৰি আমি উন্নতি কৰিব লাগিব, নিজেও ধনী হ'ব লাগিব দেশ তথা ৰাজ্যৰো উন্নতি কৰিব লাগিব বুলি মত ব্যক্ত কৰে । বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত উষ্ম আদৰণি জনাই অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড: বিদ্যুৎ চন্দন ডেকাই অসমৰ কৃষিক্ষেত্ৰত বিশ্ববিদ্যালয়ে আগবঢ়োৱা অৱদানৰ বিষয়ে জানিবলৈ দিয়ে।কৃষি শিক্ষা গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত অসম কৃষি বিশ্ববিদ্যালয়ে লোৱা ভূমিকাৰ বাবে ৰাজ্যখনৰ খাদ্য শস্যৰ উৎপাদন বহুগুণে বৃদ্ধি পোৱা বুলি আচাৰ্য গৰাকীক অৱগত কৰে।

অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে শলাগ জ্ঞাপন কৰা সভাখনত অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ, যোৰহাটৰ উপায়ুক্ত পুলক মহন্তৰ লগতে বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক, বিজ্ঞান গুৰু, বিশেষ বিষয়াসকল সমন্বিতে বিভাগীয় মুৰব্বী সকল, গৱেষক বিজ্ঞানী সকল, কৰ্মচাৰীসকল আৰু শিক্ষাৰ্থী সকলে অংশগ্ৰহণ কৰে। সভাৰ পাছতে ৰাজ্যপাল গৰাকীয়ে বিশ্ববিদ্যালয়ৰ চৌহদৰ কৃষি পৰীক্ষাগাৰ পৰিদৰ্শন কৰে।

Also Read: বটদ্ৰৱা থানৰ ঐতিহ্যমণ্ডিত পদশিলাত দিন দুপৰতে চুৰিকাণ্ড, আটক শ্বৰিফুল ইছলাম