/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/dcdba1c1-50de-49b9-b7aa-8f61b86fcef6/little_band_party.jpg)
ডিজিটেল সংবাদ, বান্দৰদেৱা : কেইজনমান কিশোৰ ছাত্ৰ। নাৰায়ণপুৰত অনুষ্ঠিত হব লগা সাহিত্য সভাৰ মঞ্চত সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰ বাবে তেওঁলোকেও সাজু কৰি তুলিছে নিজকে। বিদ্যালয় ছুটীৰ পিছত সাংস্কৃতিক কাৰ্যসূচীৰ আখৰাত ব্যস্ত কিশোৰ ছাত্ৰ ছাত্ৰী কেইজন। অসমৰ প্ৰায় জাতি জনগোষ্ঠীৰ থলুৱা গীত সুৰ সমলয়ৰ জৰিয়তে পৰিবেশন কৰিব তেওঁলোকে।
নাৰায়ণপুৰৰ জৰাবাৰীৰ শিশুকন্ঠ নামৰ এক অনুষ্ঠানৰ জৰিয়তে সাহিত্য সভাৰ মঞ্চ খনত সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিবলৈ সাজু হৈছে তেওঁলোক। থলুৱা আৰু ইলেকট্ৰনিক বাদ্যযন্ত্ৰৰ সংমিশ্ৰণেৰে পৰিবেশিত হব এই অনুষ্ঠান। ছাত্ৰ অৱস্থাতে সাহিত্য সভাৰ দৰে এক বিশাল অনুষ্ঠানৰ মঞ্চখনত সুৰ সমলয় পৰিবেশনৰ বাবে সুযোগ লাভ কৰাত সুখী ২০১৯ চনতে গঠিত শিশুকন্ঠৰ ছাত্ৰ ছাত্ৰীৰ পৰিয়ালটো।
আৰু পঢ়ক : ২০২৫ চনত আমেৰিকা-চীনৰ যুদ্ধ !