আলফা(স্বা) শিবিৰত দুই কেডাৰক মৃত্যুদণ্ড বিহা সন্দৰ্ভত জি পি সিঙৰ প্ৰতিক্ৰিয়া

আলফা(স্বা) শিবিৰত দুই কেডাৰক মৃত্যুদণ্ড বিহা সন্দৰ্ভত জি পি সিঙৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্কঃ পুনৰ আলফা(স্বা)ত মৃত্যুদণ্ডৰ ঘটনা। পলায়নৰ চেষ্টা কৰোতেই দুই কেডাৰক মৃত্যুদণ্ড বিহাৰ খবৰে এতিয়া ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ম্যানমাৰৰ শিবিৰত সংগঠনটোৱে মৃত্যুদণ্ড বিহা এই কেডাৰ দুজনৰ ভিতৰত এজনৰ নাম বিভাকৰ কলিতা ওৰফে প্ৰণৱ অসম। বিভাকৰৰ ঘৰ পাঠশালাত। আনগৰাকী সদস্যৰ নাম অবশ্যে এই পৰ্যন্ত জানিব পৰা নাই।

অভিযোগ অনুসৰি পলায়নৰ চেষ্টা কৰাৰ বাবেই দুই কেডাৰক মৃত্যুদণ্ড বিহিছে আলফা(স্বা)। এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

সামাজিক মাধ্যমত এটা পোষ্ট কৰি সিঙে কয় যে, আপুনি তেওঁলোকক ঘৰলৈ যাবলৈ দিব লাগিছিল। কিয় মাৰিব লাগে সিহঁতক ?? অন্য এটা পোষ্টত তেওঁ কয় যে, "এজন অকৃতজ্ঞ অত্যাচাৰীৰ বাবে আপোনাৰ জীৱন কিয় নষ্ট কৰে"।

উল্লেখ্য যে, ২০২২ ৰ মাৰ্চত সংগঠনটোত যোগদান কৰিছিল বিভাকৰে। তেওঁৰ পৰিয়ালৰ লোকে জনোৱা অনুসৰি আলফা(স্বা) শিবিৰত খাদ্য সংকটত ভুগিছিল তেওঁলোক। কলগছ, পুখুৰীৰ পানী খাই থাকিব লগা হৈছিল। যাৰ বাবে বিভাকৰৰ লগতে আন এজন পলায়ন কৰিছিল।

কিন্তু পলায়নত তেওঁলোক বিফল হয় আৰু জ্যেষ্ঠ বিষয়াই তেওঁলোকক গুলীয়াই হত্যা কৰে। পাছত মৃতদেহ পুতি থয়। শিবিৰৰ পৰা পলায়ন কৰি অসমত উপস্থিত হোৱা আন কেইগৰাকীমান কেডাৰে বিভাকৰৰ পৰিয়ালক এই তথ্য দিয়ে বুলি জানিব পৰা গৈছে। অৱশ্যে এই পৰ্যন্ত আলফ(স্বা)তৰফৰ পৰা কোনো স্পষ্টীকৰণ দিয়া নাই।

আলফা(স্বা) শিবিৰত দুই কেডাৰক মৃত্যুদণ্ড বিহা সন্দৰ্ভত জি পি সিঙৰ প্ৰতিক্ৰিয়া
ঘিলামৰাত জব্দকৃত ৰাজসাহায্যযুক্ত সাৰকলৈ গা লৰিছে কৃষি বিভাগৰ,তদন্তৰ নিৰ্দেশ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in