ঘিলামৰাত জব্দকৃত ৰাজসাহায্যযুক্ত সাৰকলৈ গা লৰিছে কৃষি বিভাগৰ,তদন্তৰ নিৰ্দেশ

ঘিলামৰাত জব্দকৃত ৰাজসাহায্যযুক্ত সাৰকলৈ গা লৰিছে কৃষি বিভাগৰ,তদন্তৰ নিৰ্দেশ

ডিজিটেল সংবাদ,ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ ঘিলামৰাৰ চাকুলি অঞ্চলত কৃষি বিভাগৰ ৰাজ সাহায্যযুক্ত ৰাসায়নিক সাৰৰ অবৈধ মজুতকৰণ সন্দৰ্ভত শেহতীয়া ভাৱে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে লখিমপুৰ জিলা কৃষি বিভাগে। ঢকুৱাখনা মহকুমা কৃষি বিভাগৰ অন্তৰ্গত ঘিলামৰা কৃষি উন্নয়ন চক্ৰৰ চাকুলি অঞ্চলত যোৱা ১৮ অক্টোবৰত সংগোপনে প্ৰায় ৫৫৬ বেগ ৰাসায়নিক সাৰ মজুত কৰিছিল।

ঢকুৱাখনা কৃষি চক্ৰৰ অন্তৰ্গত প্ৰগতি এণ্টাৰপ্ৰাইজ নামৰ সাৰ বিক্রেতা প্ৰতিষ্ঠানটোৱে এ এছ ২৩ -এ চি /৪৫১১ নম্বৰৰ এখন ট্ৰাকৰ জৰিয়তে গাঁওখনৰ ভুৱন চমুৱা নামৰ এগৰাকী ব্যক্তিৰ এটা ঘৰত অবৈধ ভাৱে ৰাজসাহায্য যুক্ত ইউৰিয়া আৰু ডি এ পি , চইল মজুত কৰিছিল । ঢকুৱাখনা কৃষি চক্ৰৰ অন্তৰ্গত প্ৰতিষ্ঠানটোৱে কৃষি বিভাগৰ পৰা কোনো ধৰণৰ মজুত ভঁৰালৰ অনুজ্ঞাপত্ৰ গ্ৰহণ নকৰি , নিজা পৰিসীমাৰ বাহিৰত নীতি বৰ্হিভূত ভাবে বৃহৎ পৰিমাণৰ ৰাজসাহায্য যুক্ত ৰাসায়নিক সাৰখিনি মজুত ৰখা সন্দৰ্ভত স্থানীয় ৰাইজৰ দৃষ্টিগোচৰ হোৱাত বিষয়টো ঘিলামৰা কৃষি উন্নয়ন বিষয়া বৈশালী বৰুৱাক অৱগত কৰে ।

সমান্তৰাল ভাৱে ঘিলামৰা আৰক্ষীকো অভিযোগ দাখিল কৰাৰ পৰৱৰ্তী সময়ত কৃষি বিষয়া বৰুৱাই উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশত অবৈধ পন্থাৰে মজুত ৰখা সাৰখিনি জব্দ কৰে মজুত ভঁৰালত ৰাজহুৱা অভিযোগ সম্বলিত এই কাণ্ড সন্দৰ্ভত "অসমীয়া প্ৰতিদিন ডিজিটেল"ত ১৮অক্টোবৰত বাতৰি প্ৰকাশ হোৱাত লখিমপুৰ জিলা কৃষি বিভাগে প্ৰায় ৬ দিনৰ পাছত তৎপৰতা প্ৰদৰ্শন কৰিছে ।

অদ্যপি কৃষি বিভাগে জব্দ কৰি ৰখা ৰাজসাহায্য বিশিষ্ট ৰাসায়নিক সাৰৰ সন্দৰ্ভত জিলা কৃষি বিষয়াৰ কাৰ্য্যালযে মেম নম্বৰ ডি এ অ'/এল এ কে/এফ ই আৰ টি/২০২২-২০২৩ /২১৯৫-৯৭ যোগে এই তদন্তৰ নিৰ্দেশ দিছে। ঢকুৱাখনা মহকুমা কৃষি বিভাগৰ ঢকুৱাখনা ,ঘিলামৰা আৰু সোনাৰী চাপৰি কৃষি উন্নয়ন চক্ৰৰ কৃষি উন্নয়ন বিষয়া তিনিগৰাকীক এছ অ পি ২০২২ৰ উলঙ্ঘন কৰা সন্দৰ্ভত প্ৰকাশিত বাতৰিৰ ভিত্তিত নিখুঁত তদন্ত কৰি অহা ৩০ অক্টোবৰৰ ভিতৰত তদন্তৰ প্ৰতিবেদন জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ত দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

নিৰ্দেশটোত মুঠ ৬ টা দিশ উল্লেখ কৰি এই সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ নিৰ্দেশ দিছে । প্ৰাথমিক দৃষ্টিতে ৰাসায়নিক সাৰৰ অবৈধ মজুতকৰণ , নিৰ্ধাৰিত বিধিগত ব্যৱসায়িক পৰিসীমা অতিক্রমী বেলেগ কৃষি চক্ৰলৈ সৰবৰাহ আদি ক্ৰুটি পোহৰলৈ অহাৰ পাছতো কৃষি বিভাগৰ দায়িত্বহীন ভূমিকাৰ বাবে এই অবৈধ কাণ্ড বৈধ হোৱাৰ পথত অগ্ৰসৰ হোৱাৰ অভিযোগ উঠিছে।

প্ৰধানতঃ ভাৰপ্ৰাপ্ত কৃষি উন্নয়ন বিষয়া বৈশালী বৰুৱাৰ ৰহস্যজনক শিথিলতা ,ঢকুৱাখনা মহকুমা কৃষি বিভাগৰ সোপাধিলা নীতিৰ বাবে এই অনিয়মক নিয়ম কৰাৰ এক গোপন কুচকাৱাজ চলি থকাৰ ইংগিত পোৱা গৈছে। কৃষি বিভাগৰ এনেবোৰ অকমন্য বিষয়াৰ শিথিল স্থিতিৰ বিপৰীতে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি কাৰ্ত্তিক কলিতাৰ হস্তক্ষেপত উক্ত দিনা সাৰখিনি জব্দ কৰিবলৈ বাধ্য হৈছিল কৃষি বিভাগ । পৰবৰ্তী সময়ত ঘিলামৰা আৰক্ষীক কোনো ধৰণৰ গোচৰ কিম্বা অভিযোগ দাখিল নকৰি কৃষি বিভাগে সমস্ত বিষয়টোক বৈধতা প্ৰদানৰ এক নিকৃষ্ট চক্ৰান্ত চলাই যোৱাৰহে ব্যাপক চৰ্চা চলিছিল ।

এনে প্ৰেক্ষাপটত জিলা কৃষি বিভাগৰ ঘোষিত তদন্তৰ প্ৰতিবেদন কিমান স্বচ্ছ , নিৰপেক্ষ আৰু নিষ্কলুষ হ'ব সেয়া সহজেই অনুমেয় । ঢকুৱাখনা মহকুমাত সুদীৰ্ঘ দিন ধৰি ৰাজসাহায্য যুক্ত ৰাসায়নিক সাৰৰ নামত এক বৃহৎ ছিণ্ডিকেট চলাই অহা বুলি উত্থাপিত ব্যাপক অভিযোগৰ ক্ষেত্ৰতো মুক বধিৰৰ ভূমিকা পালি অহা ঢকুৱাখনা মহকুমা কৃষি বিভাগৰ বিতৰ্কিত নীতিৰ বাবেই মহকুমাটোৰ সৰ্বত্ৰতে ৰাসায়নিক সাৰৰ অনুজ্ঞাপত্ৰবিহীন অবৈধ মজুতকৰণ আৰু কলা বেহা চলাই আহিবলৈ সক্ষম হৈছে মুনাফা লোভী চক্ৰ ।

পৰিণতিত চৰকাৰী সাহায্য থকা সাৰ ক্ৰয়ৰ নামত ধনে জনে সৰ্বশ্ৰান্ত ল'বলগীয়া হৈ আহিছে চহা ৰাইজ। এনেবোৰ কলা বেপাৰ দেখি,জানি শুনিও নিৰ্বাক মহকুমা কৃষি বিভাগৰ চৰকাৰী বেতনভোগী বিষয়া কৰ্মচাৰী একাংশ । বিগত এটা সপ্তাহ অতিক্ৰম কৰাৰ পাছতো এই অনিয়ম সন্দৰ্ভত কঠোৰ স্থিতি ল'বলৈ সাহস নকৰা মহকুমা কৃষি বিভাগে জিলা কৃষি বিষয়াই ঘোষণা কৰা তদন্তৰ নামত এক প্ৰকাণ্ড ভেকুভাওনা হোৱাৰ আশঙ্কা প্ৰকট হৈছে জনদৃষ্টিত ।

ঘিলামৰাত জব্দকৃত ৰাজসাহায্যযুক্ত সাৰকলৈ গা লৰিছে কৃষি বিভাগৰ,তদন্তৰ নিৰ্দেশ
কৰুণ! ৩ বছৰীয়া শিশুকে ধৰি এটা পৰিয়ালৰ ৭জন সদস্যৰ মৃতদেহ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in