পুনৰ প্ৰাণ পাই উঠিব বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যই: জি পি সিং

বুঢ়াচাপৰি বন্য প্ৰাণী সংৰক্ষিত অভয়াৰণ্যত শুকুৰবাৰে দুপৰীয়াৰ ভাগত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং।

author-image
Asomiya Pratidin
New Update
পুনৰ প্ৰাণ পাই উঠিব বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যই:  জি পি সিং

ডিজিটেল সংবাদ,ৰূপহীহাটঃ বুঢ়াচাপৰি বন্য প্ৰাণী সংৰক্ষিত অভয়াৰণ্যত শুকুৰবাৰে দুপৰীয়াৰ ভাগত উপস্থিত হয় অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং।বুঢ়াচাপৰি উচ্ছেদিত অঞ্চল সমুহ পৰিভ্রমন কৰি সংৰক্ষিত কৰাৰ কথা সদৰী কৰিছে জি পি সিংয়ে ।

Advertisment

অতি শীৰ্ঘ্ৰেই এশিঙীয়া গঁড় এৰিব বুঢ়াচাপৰি বণ্যপ্ৰাণী অভয়াৰণ্যত ৷ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে বুঢ়াচাপৰিক সংযোজন কৰাৰ পৰিকল্পনাৰ কথাও সংবাদ মাধ্যমৰ আগত সদৰী কৰে সঞ্চালক প্ৰধান গৰাকীয়ে ।

অভয়াৰণ্যৰ ভূমি যাতে পুনৰ বেদখল কৰিব নোৱাৰে তাৰ বাবে বনকৰ্মী নিয়োগ কৰি শিবিৰ পাতি কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিব।বুঢ়াচাপৰি উচ্ছেদৰ পিছত উচ্ছেদিত অঞ্চললৈ আগমন ঘটিছে বাঘ আৰু হাতীৰ। বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যক বনৰীয়া জীৱ-জন্তৰ মুক্ত বিচৰনথলী কৰাৰ পৰিকল্পনাৰ কথাও সদৰী কৰে আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে ৷

Also Read: জনতাক মাধমাৰ! এপ্ৰিলৰ পৰা পুনৰ বৃদ্ধি পাব টোল কৰ...

Assam police gp singh