ৰক্ষক নে ভক্ষক! তথ্য লাভ, কিশোৰী নিৰ্যাতনৰ ঘটনাত জড়িত লম্পট বিমান ৰয়...

শুকুৰবাৰে ঘগ্ৰাপাৰ আৰক্ষী থানাত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং। ঘগ্রাপাৰ থানাৰ তদানীন্তন OC বিমান ৰয় সম্পৰ্কত মন্তব্য প্ৰদান কৰে সিঙে।

author-image
Asomiya Pratidin
New Update
ৰক্ষক নে ভক্ষক! তথ্য লাভ,  কিশোৰী নিৰ্যাতনৰ ঘটনাত জড়িত লম্পট বিমান ৰয়...

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ঘগ্ৰাপাৰ আৰক্ষী থানাত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং। ঘগ্রাপাৰ থানাৰ তদানীন্তন OC বিমান ৰয় সম্পৰ্কত মন্তব্য প্ৰদান কৰে সিঙে।

Advertisment

তেওঁ কয় যে, সকলো সাক্ষ্য-প্রমাণ গ্রহণ কৰা হৈছে। এমাহৰ ভিতৰত তদন্ত প্রক্রিয়া সম্পূৰ্ণ কৰা হ’ব। অতি শীঘ্রে গ্রেপ্তাৰ হ’ব বিমান ৰয়। এই ঘটনা অতি দুৰ্ভাগ্যজনক বুলি কয় সঞ্চালক প্ৰধানগৰাকীয়ে।

জনতাৰ সৈতে আৰক্ষীৰ সু–সম্পৰ্ক বৰ্তাই ৰখাৰ আহ্বান সিঙৰ। লগতে কয় যে, তদন্তত স্পষ্ট হৈছে বিমান ৰয় অভিযুক্ত। কিশোৰী নিৰ্যাতনৰ ঘটনাত জড়িত বিমান ৰয়। তদন্তকাৰী বিষয়াই ইতিমধ্যে বিমান ৰয়ৰ কু-কীৰ্তিৰ প্রমাণ পাইছে। ইতিমধ্যে বৰ্খাস্ত কৰা হৈছে বিমান ৰয়ক।

উল্লেখ্য যে,  ঘগ্ৰাপাৰ আৰক্ষী থানাৰ এগৰাকী আৰক্ষী বিষয়াই (SI) এগৰাকী কিশোৰীক ২১ জুনৰ নিশা থানাৰ ভিতৰতে উলংগ কৰি ফটো তোলাৰ অভিযোগ উত্থাপন হৈছিল।

এই সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীয়ে ২৬ জুনত নলবাৰী সদৰথানাত এক গোচৰ দাখিল কৰিছিল যদিও এই সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। ইয়াৰ পাছতে বুধবাৰে সমগ্ৰ ঘটনা ৰাজহুৱা হয় আৰু সমগ্ৰ নলবাৰীতে চাঞ্চল্য সৃষ্টি হয়।

কিশোৰীগৰাকীয়ে এজাহাৰত উল্লেখ কৰা অনুসৰি তেওঁ সমগ্ৰ কথা ঘটনাৰ পাছদিনা এছ আই লিজা টায়ক কৈছিল যদিও কিশোৰীগৰাকীক ধমক দিছিল তেওঁ।  বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত কৰি আছে আৰক্ষীয়ে।

ঘটনাৰ পাছতে পলাতক অৱস্থাত আছে বিমান ৰয়। বিমান ৰয়ক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত লাভ কৰা নাই সন্ধান। আনহাতে বিমান ৰয়ৰ সন্ধান দিওতাক পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছে অসম আৰক্ষীয়ে।

Also Read: গুৱাহাটীৰ পথত বাস কৰা লোকক উদ্ধাৰৰ বাবে টাস্ক ফ'ৰ্চে চলাব অভিযান

Assam police