জিপি সিঙলৈ আলফা(স্বা)ৰ ভাবুকিঃ নিৰাপত্তাক লৈ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰুদ্ধদ্বাৰ বৈঠক

জিপি সিঙলৈ আলফা(স্বা)ৰ ভাবুকিঃ নিৰাপত্তাক লৈ  অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰুদ্ধদ্বাৰ বৈঠক

ডিজিটেল ডেস্কঃ আলফা স্বাধীনৰ ভাবুকিৰ পিছতে তৎপৰ হৈ পৰিছে অসম আৰক্ষীয়। নিৰাপত্তাক লৈ অনুষ্ঠিত কৰিছে বৈঠক। বৃহস্পতিবাৰে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত চলিছে এই ৰুদ্ধদ্বাৰ বৈঠক। জিলাসমূহৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সৈতে বৈঠক ডিজিপি জি পি সিঙৰ।

ইতিমধ্যে প্রতিখন জিলাতে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। সমান্তৰালভাৱে দুৰ্গম অঞ্চলটো চলিছে আলফা বিৰোধী তীব্র অভিযান। আনহাতে ডিজিপিগৰাকীৰ নিৰাপত্তাৰ বাবেও বিশেষ ব্যৱস্থা গ্রহণ কৰিছে। ডিজিপি গৰাকীৰ কাৰ্যালয় আৰু কাহিলিপাৰাৰ চৰকাৰী বাসভৱনত বৃদ্ধি কৰিছে নিৰাপত্তাৰক্ষী।

উল্লেখ্য যে, বিগত কেইটামান দিনত ডিজিপি আৰু আলফা(স্বাঃ) ৰ মাজত বাক-বিতণ্ডা চলি আছিল। ডিজিপি গৰাকীয়ে মুকলিকৈ প্ৰত্যাহ্বান জনোৱাৰ সমান্তৰালভাৱে আলফ(স্বা)য়েও সিঙক প্ৰত্যাহ্বান জনাইছিল।

যোৱা কেইটামান দিনত শিৱসাগৰ আৰু যোৰহাটত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল আৰু এই বিস্ফোৰণৰ দায়িত্ব আলফা(স্বা)য়ে স্বীকাৰ কৰিছিল। তাৰপাছতে জিপি সিঙে অসমৰ জনসাধাৰণক কষ্ট দিয়াতকৈ তেওঁৰ ওচৰত মুকলিকৈ আহিবলৈ কৈছিল।

জিপি সিঙৰ এই কথাৰ প্ৰত্যুত্তৰ দি আলফা(স্বা)য়ে জাৰি কৰিছিল এক বিবৃতি। সেই বিবৃতিত কৈছিল যে জি পি সিঙে তেওঁৰ নিৰাপত্তাত থকা খিলঞ্জীয়া যুৱক-যুৱতীসকলক আঁতৰ কৰাৰ পাছত দেখিব কি হয়। কাৰণ আলফ(স্বা)য়ে খিলঞ্জীয়া সকলক আক্ৰমণ নকৰে।

এই ঘটনাৰ পাছতে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰো হৈছিল আলফা(স্বা)ৰ কেডাৰ। লগতে তেওঁলোকৰ পৰা উদ্ধাৰ হৈছিল অত্যাধুনিক মাৰনাস্ত্ৰ। ইয়াৰ পাছতে তৎপৰ হৈ পৰিছে এতিয়া আৰক্ষী বিভাগ। বৃদ্ধি কৰিছে নিৰাপত্তা।

জিপি সিঙলৈ আলফা(স্বা)ৰ ভাবুকিঃ নিৰাপত্তাক লৈ  অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰুদ্ধদ্বাৰ বৈঠক
অফাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in