শীঘ্রেই বিলুপ্তি হ’ব ছেবা আৰু শিক্ষা সংসদ...

শীঘ্রেই বিলুপ্তি হ’ব ছেবা আৰু শিক্ষা সংসদ। দুই জাতীয় অনুষ্ঠানক সংলগ্ন কৰণৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্য় চৰকাৰ।

author-image
Asomiya Pratidin
New Update
শীঘ্রেই বিলুপ্তি হ’ব ছেবা আৰু শিক্ষা সংসদ...

ডিজিটেল ডেস্কঃ শীঘ্রেই বিলুপ্তি হ’ব ছেবা আৰু শিক্ষা সংসদ। দুই জাতীয় অনুষ্ঠানক সংলগ্ন কৰণৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্য় চৰকাৰ।

একত্রিকৰণ হ’ব ছেবা-উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ। ইয়াক লৈ গঠন কৰা হ’ব এখন নতুন ব’ৰ্ড। ইয়াৰ বাবে ৰোডমেপ ইতিমধ্যে প্রস্তুত কৰিছে শিক্ষা বিভাগে।

সমিতিয়ে দাখিল কৰা প্রস্তাৱনা শিক্ষামন্ত্রীয়ে কেবিনেটত দাখিল কৰিব। এই সংক্রান্তীয় বিধেয়ক বিধানসভাত উত্থাপন হ’ব। তাৰ পাছতেই হ'ব সিদ্ধান্ত।

বাতিল হ’ব দ্য আছাম ছেকেণ্ডাৰী এডুকেশ্যন এক্ট। লগতে বাতিল হ’ব দ্য আছাম হায়াৰ ছেকেণ্ডাৰী এক্ট। নতুনকৈ গঠন হ’বলগীয়া ব’ৰ্ডখনৰ নাম চূড়ান্ত কৰিব কেবিনেটে।বৰ্তমান পৰ্যন্ত নাম ঠিক হোৱা নাই।

Also Read: নিষিদ্ধ মাৰাত্মক ড্ৰাগছৰ ৰম্যভূমিলৈ পতিত ঢকুৱাখনা

AHSEC seba