লোভে পাপ, পাপে কাৰাগাৰ!

হাটশিঙিমাৰীত ঘোচ লৈ আকৌ হাত দাঙিলে চৰকাৰী বিষয়াই ! এইবাৰ গ্ৰেপ্তাৰ জিলা পৰিষদৰ উপ কাৰ্যবাহী বিষয়া ৷ দৰমহাৰ টকা কেইটাৰ উপৰিও দুটকা বেছিকৈ অৰ্জাৰ লোভত পুনৰ হাত দাঙিলে হাটশিঙিমাৰী এজন চৰকাৰী বিষয়াই ।
লোভে পাপ, পাপে কাৰাগাৰ!

ডিজিটেল ডেস্কঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ জিলা পৰিষদৰ কাৰ্যালয়ত সোমবাৰে মূখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষ আৰু দূৰ্নীতি নিবাৰক শাখাৰ এটা তদন্তকাৰী দলে অভিযান চলাই এগৰাকী বিষয়াক আটক কৰা ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, জিলা পৰিষদৰ উপ কাৰ্যবাহী বিষয়া ইমতাজ মণ্ডলৰ বিৰুদ্ধে দীৰ্ঘ দিন ধৰি বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত উৎকোচ লোৱাৰ বিভিন্নজনে অভিযোগ উত্থাপন কৰি আহিছিল। সোমবাৰে গোপন খবৰৰ ভিত্তিত তদন্তকাৰী দলটোৱে হাটশিঙিমাৰীৰ জিলা পৰিষদৰ কাৰ্যালয়ত উপস্থিত হৈ উপ কাৰ্যবাহী বিষয়া জনক ঘোচ লোৱা অৱস্থাত হাতে লোটে আটক কৰে ।

ঘোচখোৰ বিষয়াজনক আটক কৰি দিনৰ ৩ বজাৰ পৰা সন্ধিয়া ৯ বজালৈকে জিলা পৰিষদৰ কাৰ্য্যালয়ৰ ভিতৰতে জেৰা চলায়। ইফালে ঘোচখোৰ বিষয়াজনৰ ঝাউডাঙ্গাস্থিত নিজ বাসগৃহতো তদন্তকাৰী দলটোয়ে অভিযান চলায়।

জিলা পৰিষদৰ উপ কাৰ্যবাহী বিষয়া ইমতাজ মণ্ডল ফেকামাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ দায়িত্বত আছিল ৷ দুটাকৈ পদৰ দায়িত্বত থকা বিষয়াজনে জল জীৱন মিছন আঁচনিৰ ধন মুকলাই দিয়াৰ নামত এগৰাকী ঠিকাদাৰৰ পৰা ৮ হাজাৰ টকা উৎকোচ লোৱাৰ সময়তে সোমবাৰে গ্ৰেপ্তাৰ হয় ৷ ৰাতি ৯ বজাত হাটশিঙিমাৰী জিলা চিকিৎসালয়ত গ্ৰেপ্তাৰ হোৱা বিষয়া ইমতাজ মণ্ডলৰ স্বাস্থ্য পৰীক্ষা কৰি গুৱাহাটীলৈ লৈ প্ৰেৰণ কৰে অভিযানকাৰী দলটোৱে ৷

বিষয়াজনৰ বিৰুদ্ধে ফেকামাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত আৰু দূৰ্নীতিৰ তদন্তৰ নামতো ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজে ৷

লোভে পাপ, পাপে কাৰাগাৰ!
নির্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in