খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত জাগীৰোডৰ ৪৩ সদস্য উভতিল তিৱা জাতীয় পৰম্পৰা আৰু ধৰ্মীয় বিশ্বাসলৈ...

খ্ৰীষ্টানলৈ ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে গোভা ৰাজ দৰবাৰৰ বিশেষ পদক্ষেপ
খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত জাগীৰোডৰ ৪৩ সদস্য উভতিল তিৱা জাতীয় পৰম্পৰা আৰু ধৰ্মীয় বিশ্বাসলৈ...

ডিজিটেল সংবাদ, জাগীৰোডঃ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে জাগীৰোডতো অব্যাহত আছে ধৰ্মীয় আগ্ৰাসন ৷ বিভিন্ন প্ৰলোভনেৰে সহজ সৰল লোকসকলক ধৰ্মান্তৰকৰণ কৰি অসমৰ থলুৱা ভাষা-কৃষ্টি-সংস্কৃতিলৈ প্ৰচণ্ড ভাবুকি কঢ়িয়াই অনাৰ ক্ষেত্ৰত শেহতীয়াকৈ আগ্ৰাসী ভূমিকা গ্ৰহণ কৰিছে একাংশ মিছনেৰী সংস্থাই।

খ্ৰীষ্টান অধ্যুষিত চুবুৰীয়া ৰাজ্যসমূহৰ সীমামূৰীয়া পিচপৰা এলেকাসমূহত আৰ্থিকভাৱে জুৰুলা কাৰ্বি,তিৱা,মিচিং,গাৰো,কোচ-ৰাজবংশী,আদিবাসীৰ লোকৰ লগতে হিন্দু সভ্যতা আৰু অসমৰ স্বকীয় বৈশিষ্টপূৰ্ণ আধ্যত্মিক বিশ্বাস আৰু পৰম্পৰাৰ প্ৰতি এই সংস্থাসমূহে প্ৰচণ্ড ভাবুকি কঢ়িয়াই আনিছে।

তেনে সময়তে আহিছে এক আশাৰ খবৰ। কিয়নো শেহতীয়াকৈ এইক্ষেত্ৰত কঠোৰ হৈছে গোভা ৰাজ্যৰ ঐতিহ্য ৰক্ষাৰ বাবে সক্ৰিয় হৈ উঠিছে জাগীৰোডৰ একাংশ সমাজ সচেতন ব্যক্তি ৷ পূৰ্বে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হোৱা ব্যক্তিসকলক পুনৰ নিজ ধৰ্মলৈ উভতাই অনাৰ প্ৰয়াস চলাইছে এইসকল সচেতন ব্যক্তিয়ে ৷

তাৰেই পৰিপ্ৰেক্ষিতত খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰা ১১ টা পৰিয়ালৰ মুঠ ৪৩ গৰাকী সদস্যক তিৱাসকলৰ পূৰ্বৰ জাতীয় ধৰ্ম বিশ্বাস আৰু পৰম্পৰালৈ ঘূৰাই অনাৰ এক আনুষ্ঠানিক পৰ্ব আজি সম্পাদন হয়। গোভা দেউৰজাৰ ৰাজপাৰিষদে জাগীৰোডস্থিত গোভা ৰজাৰ ৰাজভৱনত আয়োজন কৰে তিৱা পৰম্পৰাগত ধৰ্ম সংস্কৃতি সভা আৰু এই উদ্ধাৰ অভিযান পৰ্ব ৷

য’ত প্ৰলোভনৰ বলি হৈ খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰা জাগীৰোডৰ তিৱাচং গাঁৱৰ ১১ টা পৰিয়ালৰ মুঠ ৪৩ গৰাকী সদস্যক পৰম্পৰাগত ৰীতিনীতিৰ মাজেৰে পূৰ্বৰ ধৰ্মীয় পৰম্পৰালৈ ঘূৰাই অনা হয় ৷ পৰিয়ালসমূহৰ সদস্যসকলৰ অনুমতি সাপেক্ষে গোভা দেউৰজাৰ পৰম্পৰাগত পূজা-অৰ্চনা আৰু ৰীতি-নীতিৰ অন্তত খ্ৰীষ্টিয়ান ধৰ্ম ত্যাগ কৰি তেওঁলোকে পুনৰ পূৰ্বৰ ধৰ্ম গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে গোভা দেউৰজাৰ দৰবাৰ পৰিচালনা সমিতিৰ সম্পাদক জুৰচিং বৰদলৈয়ে ৷

উক্ত ধৰ্ম সংস্কৃতি সভা আৰু উদ্ধাৰ পৰ্বত গোভা দেউৰজা দিপসিং দেউৰজা, তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাডু কাকতি, তিৱা স্বায়ত্ব পৰিষদৰ মনোনীত সদস্য খগেন চন্দ্ৰ দাস, তিৱা নেতা ৰিমল আমচিৰ লগতে গোভা ৰজাৰ বা-বিষয়া আৰু প্ৰায় ২ শতাধিক স্থানীয় লোক উপস্থিত থাকে ৷

উল্লেখ্য যে, গোভা দেউৰজা পৰিচালনা সমিতৰ এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে আগন্তুক দিনত এই উদ্ধাৰ পৰ্ব অধিক শক্তিশালী কৰিবলৈ উপস্থিত সকলোৱে অসমবাসীৰ প্ৰতি আহ্বান জনায় ৷

তেওঁলোকে জানিবলৈ দিয়া মতে পিতৃ-মাতৃৰ দিনতে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত এই লোকসকল নিজস্ব ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতিলৈ উভতি আহি নিজেও অতিকে সুখী। এতিয়াৰে পৰা এই পৰিয়ালসমূহে স্বধৰ্ম ৰক্ষা কৰি চলিব বুলিও মন্তব্য আগবঢ়ায় সংবাদ মাধ্যমৰ আগত। আনহাতে ধৰ্মান্তৰিত হোৱা এইসকল পৰিয়ালক ওভোটাই অনাৰ ক্ষেত্ৰত তিৱা ৰাজপৰিষদে লোৱা যোগাত্মক ভূমিকাৰ শলাগ লৈছে সচেতন মহলে।

খ্ৰীষ্টানলৈ ধৰ্মান্তৰিত জাগীৰোডৰ ৪৩ সদস্য উভতিল তিৱা জাতীয় পৰম্পৰা আৰু ধৰ্মীয় বিশ্বাসলৈ...
নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত দিনেশ বৈশ্যৰ ‘ক’লা বুঢ়া’ উন্মোচন

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in