নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত দিনেশ বৈশ্যৰ ‘ক’লা বুঢ়া’ উন্মোচন

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত দিনেশ বৈশ্যৰ ‘ক’লা বুঢ়া’ উন্মোচন

ডিজিটেল সংবাদ, নলবাৰী : দিনেশ বৈশ্য ৰচিত ‘ক’লা বুঢ়া’ উন্মোচন। নলবাৰী জিলা সাহিত্য সভা আৰু থুনলাই প্ৰকাশনৰ উদ্যোগত প্ৰকাশিত দিনেশ বৈশ্য ৰচিত ‘ক’লা বুঢ়া’ নামৰ এখন পুথি দেওবাৰে উন্মোচন কৰা হয়।

পাঠশালাৰ কাৰেং সভাঘৰত আনন্দমুখৰ পৰিৱেশত পুথিখন উন্মোচন কৰা হয় । এই উপলক্ষে 'চিৰ চেনেহী মোৰ ভাষা জননী' শীৰ্ষক অসম সাহিত্য সভাৰ বৃন্দগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটি পৰিচালনা কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই ।

লেখন শৈলীৰে নতুনত্ব দাবী কৰা ‘ক’লা বুঢ়া’ পুথিখন উন্মোচন কৰে পাঠশালা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল গোস্বামীয়ে । বিশিষ্ট শিক্ষাবিদ, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মুকুন্দ শৰ্মাই সভাখন উদ্বোধন কৰে ।

অনুষ্ঠানত সাহিত্যিক তথা বাক্সা জিলা সাহিত্য সভাৰ সভাপতি কামদেৱ দাস , বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰীয়া ভাৰপ্ৰাপ্ত অধ্যক্ষ, সাহিত্যিক পেন্সন প্ৰাপক ধীৰেন্দ্ৰ তালুকদাৰ, বিশিষ্ট বিজ্ঞানকৰ্মী তথা পাটাছাৰকুছি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰীয়া বিষয় শিক্ষক সুৰেন্দ্ৰনাথ লাউজাৰী, নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰীয়া বিষয় শিক্ষক তথা টিহু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শংকৰ কুমাৰ দাস, পাঠশালা সাহিত্য সভাৰ উপ সভাপতি মনোমোহন শৰ্মা, সম্পাদক অতুল কলিতা, এয়াৰটেল ভাৰতীৰ আঞ্চলিক প্ৰবন্ধক মইনুদ্দিন আহমেদ আৰু আঞ্চলিক ব্যৱসায়িক প্ৰবন্ধক অভিজিৎ বৰাই বিশিষ্ট অতিথি হিচাপে ভাগ লৈ ভাষণ প্ৰদান কৰে ।

পুথি উন্মোচনৰ পূৰ্বে পুথিখনৰ ৰচক দিনেশ বৈশ্যই পুথিখন লিখাৰ অনুপ্ৰেৰণা, তাগিদা, কৌশল আদিৰ বিষয়ে ব্যক্ত কৰে । অনুষ্ঠানত বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰী, শিক্ষাব্ৰতী-সাহিত্যিক ড০ মঞ্জু হালৈ, লেখিকা মীনা তালুকদাৰ, লেখক প্ৰমোদ শৰ্মা, কবি পুৰন্দৰ পাটগিৰী, সাহিত্যসেৱক সুভাষ আগৰৱালা, কল্যাণ শৰ্মা, সমাজপ্ৰাণ খগেন বৈশ্য, ঊৰ্বশী বৈশ্য, হিতেন শৰ্মা, বিমান কলিতা, কুশল তালুকদাৰ, এয়াৰটেল ভাৰতীৰ আঞ্চলিক দল পৰিচালক অভিষেক সাহা, সাহিত্যিক বিপিন চন্দ্ৰ কলিতা, গাঁও প্ৰধান বাপন কলিতা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট লোকে শুভেচ্ছামূলক বাৰ্তা প্ৰদান কৰে ।

এই অনুষ্ঠানতে লেখক দিনেশ বৈশ্যই আৰ্থিকভাৱে পিছপৰা ৬ গৰাকী শিক্ষাৰ্থীক নগদ ৫ হাজাৰকৈ টকা এককালিন সাহায্য হিচাপে আগ বঢ়ায় । অনুপ কলিতাই ভূপেন হাজৰিকাৰ গীত গাই আৰু কণমানি শিল্পী দৰ্শনা দাসে আধুনিক নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটিক অনন্য মাত্ৰা প্ৰদান কৰে । নিতু কলিতা, মঞ্জু ৰাজবংশী, ফুনু কলিতা আৰু তনাস্মিতা পাঠকে বিশেষ সহযোগ আগবঢ়োৱা অনুষ্ঠানটি অসম সংগীতেৰে সামৰা হয় ।

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত দিনেশ বৈশ্যৰ ‘ক’লা বুঢ়া’ উন্মোচন
বোকাজানত জব্দ ব্ৰাউন চুগাৰসহ সৰবৰাহকাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in