বিজয়ৰ হেট্ৰিক মুম্বাই ইণ্ডিয়ানছৰ, প্ৰত্যাৱৰ্তনৰ সংকেত

বিজয়ৰ হেট্ৰিক মুম্বাই ইণ্ডিয়ানছৰ, প্ৰত্যাৱৰ্তনৰ সংকেত

ডিজিটেল ডেস্ক : মুম্বাই ইণ্ডিয়ানছ ! আই পি এলৰ ইতিহাসৰ আটাইতকৈ শক্তিশালী দল, ঈৰ্ষণীয় জনপ্ৰিয়তা, বিশ্বৰ আগশাৰীৰ খেলুৱৈ, প্ৰশিক্ষক । মুঠতে সকলো দিশৰে পৰাই সফল । কিন্তু এইবাৰৰ আই পি এলত নাছিল সন্তোষজনক আৰম্ভণি । প্ৰথম মেচতেই আৰ চি বি আৰু দ্বিতীয় মেচত চি এচ কেৰ বিৰুদ্ধে পৰাজয় বৰণ কৰি আৰম্ভ কৰিব লগীয়া হৈছিল আই পি এল যাত্ৰা । হতাশ হৈ পৰিছিল খেলুৱৈসকল । পিচে দলটিয়ে এতিয়া কৰিছে প্ৰত্যাৱৰ্তন । বিগত তিনিখন খেলত ধাৰাবাহিকভাৱে জয় লাভ কৰি আত্মবিশ্বাসৰ তুংগত দলটো ।

উল্লেখ্য যে, বিগত খেলত ছানৰাইজাৰ্ছ হায়দৰ‍াবাদক ১৪ ৰানত পৰাস্ত কৰে মুম্বাই ইণ্ডিয়ানছে । প্ৰথমে বেটিং কৰি মুম্বায়ে ১৯২ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ছানৰাইজাৰ্ছ থমকি ৰয় ১৭৮ ৰানত । মুম্বাইৰ দৰে অভিজ্ঞ দলে ছন্দ উভতাই পালে যে কিমান ভয়াৱহ হৈ উঠিব পাৰে সেই কথা ভালদৰে জানে অন্য দলসমূহে ।

উল্লেখ্য যে, মেচখনত মুম্বাইৰ হৈ এটা উইকেট দখল কৰে শচীনপুত্ৰ অৰ্জুন তেণ্ডুলকাৰেও । অৰ্জুনৰ দৰে এগৰাকী অনভিজ্ঞ বলাৰৰ হাতত ডেথ অভাৰৰ বল কোনোপধ্যেই তুলি দিব বিচৰা নাছিল ৰোহিত শৰ্মাই । কিন্তু মুম্বাইৰ বলিং আক্ৰমণৰ নিৰ্ভৰযোগ্য চাৰিওগৰাকী বলাৰে ইতিমধ্যে নিজা নিজা ৪ অভাৰৰ ক'টা সামৰিছিল তেতিয়ালৈ ।

অধিনায়কৰ হাতত নাছিল কোনো উপায় । অন্তিম অ'ভাৰত ৰান খালে পৰৱৰ্তী খেলত মন:সংযোগ ভংগ হোৱাৰ বিপদ বহু বেছি । তথাপিও অৰ্জুনে হাতত তুলি ল'লে বল । ৫টা বলত ৫ ৰান দি সংগ্ৰহ কৰিলে শেষৰটো উইকেট । সৰ্বমুঠ ২.৫ অভাৰত ১৮ ৰান দিলে খেলুৱৈগৰাকীয়ে । আই পি এলৰ দৰে খেলাত অনভিজ্ঞ বলাৰ এগৰাকীৰ বাবে এইয়া সুন্দৰ প্ৰদৰ্শন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in