হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে ধুবুৰী জিলা প্ৰশাসনৰ আদৰণীয় পদক্ষেপ

অনুষ্ঠান, মেলা, হোটেল, ৰিজ'ৰ্ট, বিবাহ ভৱন ইত্যাদিত নিশা ৮ বজাৰ পৰা পুৱা ৮ বজালৈ লাউড স্পীকাৰ, জনসাধাৰনক উদ্দেশ্যি বজোৱা মাইক বা অন্য কোনো ধৰণৰ ছাউণ্ড উৎপন্ন কৰা যন্ত্ৰ আদি ব্যৱহাৰ কৰিব নোৱাৰিব
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে ধুবুৰী জিলা প্ৰশাসনৰ আদৰণীয় পদক্ষেপ

ডিজিটেল সংবাদ, ধুবুৰীঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে ধুবুৰী জিলা প্ৰশাসনৰ আদৰণীয় পদক্ষেপ। ধুবুৰী জিলাত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা আৰু আন ব'ৰ্ড পৰীক্ষাসমূহ শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি লাউড স্পীকাৰ, মাইক্র'ফোন বা সংগীত ইত্যাদি বজোৱাৰ ক্ষেত্ৰত ফৌজদাৰী বিধিৰ ১৪৪ ধাৰাৰ অধীনত কিছু নিষেধাজ্ঞা জাৰি কৰিছে ধুবুৰী জিলা দণ্ডাধীশ দিবাকৰ নাথে।

সেই অনুসৰি অনুষ্ঠান, মেলা, হোটেল, ৰিজ'ৰ্ট, বিবাহ ভৱন ইত্যাদিত নিশা ৮ বজাৰ পৰা পুৱা ৮ বজালৈ লাউড স্পীকাৰ, জনসাধাৰনক উদ্দেশ্যি বজোৱা মাইক বা অন্য কোনো ধৰণৰ ছাউণ্ড উৎপন্ন কৰা যন্ত্ৰ আদি ব্যৱহাৰ কৰিব নোৱাৰিব৷ সংশ্লিষ্ট কৰ্তৃপক্ষৰ লিখিত অনুমতি নোলোৱাকৈ লাউড স্পিকাৰ বা অন্য ছাউণ্ড ছিষ্টেম ব্যৱহাৰ কৰিব নোৱাৰিব। ৫ ডিবি (এ)তকৈ অধিক স্বৰত ব্যক্তিগত ঠাইৰ সীমাৰ ভিতৰত ছাউণ্ড ছিষ্টেম বা ছাউণ্ড উৎপন্ন কৰা যন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব।

নিৰ্দ্ধাৰিত ৫৫ ডেচিবেল স্বৰতহে ছাউণ্ড ছিষ্টেম ব্যৱহাৰ কৰিব পাৰিব৷ লাউড স্পিকাৰ বা ছাউণ্ড ছিষ্টেম ভাড়াত দিয়া টেন্ট হাউছ বোৰক নির্দেশ দিয়া হৈছে যে, তেওঁলোকৰ গ্ৰাহক বা ব্যৱহাৰকাৰী সকলক নিশা ৮ বজাৰ পিছত এইবোৰ যাতে ব্যৱহাৰ নকৰে সেই কথা অৱগত কৰাবলৈ৷ এই নির্দেশ অমান্য কৰিলে সেই যন্ত্র সমূহ বাজেয়াপ্ত কৰা হব।

যোৱা ২৪ ফেব্রুৱাৰী তাৰিখৰ পৰা তৎকালীনভাৱে এই আদেশ বলবৎ কৰা হৈছে আৰু পুনৰ নিৰ্দেশ নিদিয়া পর্যন্ত ই বাহাল থাকিব। আনপিনে সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত উপায়ুক্ত (শিক্ষা)ৰ অধ্যক্ষতাত আজি পৰীক্ষা সম্পৰ্কীয় জিলা পৰ্যায়ৰ সমিতিৰ এখন বৈঠক সম্পন্ন হয় ৷

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ সুবিধাৰ্থে ধুবুৰী জিলা প্ৰশাসনৰ আদৰণীয় পদক্ষেপ
ক'হিমাৰ মাও বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in