দ্বিতীয় বৰভাগ ক্লাৱ গ'লফত গুৱাহাটী ৰেলৱে গ্ৰীণ ক্লাব চেম্পিয়ন

তেজপুৰৰ জিটিএ গ'লফ কোৰ্চত ৮ জানুৱাৰীত অনুষ্ঠিত হৈছিল দ্বিতীয় বৰভাগ কাপ, ইণ্টাৰ ক্লাব গ'লফ টুৰ্ণামেণ্টত।
দ্বিতীয় বৰভাগ ক্লাৱ গ'লফত গুৱাহাটী ৰেলৱে গ্ৰীণ ক্লাব চেম্পিয়ন

ডিজিটেল ডেস্ক: তেজপুৰৰ জিটিএ গ'লফ কোৰ্চত ৮ জানুৱাৰীত অনুষ্ঠিত হৈছিল দ্বিতীয় বৰভাগ কাপ, ইণ্টাৰ ক্লাব গ'লফ টুৰ্ণামেণ্টত। এই প্ৰতিযোগিতাখনত এছএন চৌধুৰী, সঞ্জয় চৌধুৰী, সঞ্জীৱ জৈছৱাল, গৌতম বৰকটকীৰ দল গুৱাহাটী ৰেলৱে গ্ৰীণ ক্লাব চূড়ান্ত বিজয়ী হ'বলৈ সক্ষম হয় ।

ৰানাৰ্ছ আপৰ হ'বলৈ সক্ষম হয় জাকিৰ হুছেইন, ৰাঘব শুক্লা, আনছু শুক্লা, চন্দন শইকীয়া আৰু অজয় শুক্লাৰ দল মিছা প'ল' ক্লাব । মহিলাৰ শাখাত খনশ্ৰী ব্ৰহ্ম চূড়ান্ত বিজয়ী আৰু ও'মা তিৱাৰী টাৰীয়ানে ৰানাৰ্ছ আপৰ বঁটা লাভ কৰে ।

বেষ্ট গ্ৰছ (০-৩০)ত বিজয়ী হয় জাকিৰ হুছেইন আৰু ৰানাৰ্ছ আপ হয় কৰ্ণেল আৰ.এছ. ভাণ্ডাৰী। বেষ্ট নেট (০-৩)ত বিজয়ী হয় জ'হানন ৰামংগ আৰু ৰানাৰ্ছ আপ হয় কৰ্ণেল এছ.কে.টেৰী ।

ষ্টেবল ফৰ্ড (০-৯)ত বিজয়ী হয় সঞ্জীৱ জৈছৱাল আৰু ৰানাৰ্ছ আপ হয় ভাকু কুমাৰ । ষ্টেবল ফৰ্ড (১০-১৭)ত বিজয়ী হয় লেফটানেন্ট কৰ্ণেল কুলদ্বীপ গেহলট আৰু ৰানাৰ্ছ আপ হয় কৰ্ণেল এন.এপি. এছ ৰাঘব, ষ্টেবল ফৰ্ড (১৮-২৪)ত বিজয়ী হয় কৰ্ণেল এম.চাগীৰ আলি আৰু ৰানাৰ্ছ আপ হয় কৰ্ণেল অমৰ নাথ । প্ৰ' গ্ৰছত বিজয়ী হয় মনোজ ভূমিজ আৰু ৰানাৰ্ছ আপ হয় দেবেন ভূমিজ ।

স্কিল শাখাত ক্লজেষ্ট টু পিনৰ বঁটা লাভ কৰে সঞ্জীৱ জৈছৱালে , ষ্ট্ৰেইট ড্ৰাইভত বঁটা লাভ কৰাৰ অমিত শুক্লবৈদ্য আৰু কৰ্ণেল আৰ.এছ। ভণ্ডাৰি ।

বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ (আইএএছ)বৰভাগ ফাউণ্ডেচনৰ উত্তৰ পূৰ্বাঞ্চলত গ'লফৰ প্ৰচাৰৰ বাবে এই পদক্ষেপক প্ৰশংসা কৰে ।

বৰভাগ ফাউণ্ডেচন আয়োজন কৰা বৰভাগ কাপৰ উদেশ্য হল উত্তৰ পূৰ্বাঞ্চলত গ'লফ খেলৰ জনপ্ৰিয়তা বৃদ্ধি কৰা কিয়নো এতিয়া গ'লফ বৰ্তমান অলিম্পিকৰ অংশ ।

আৰু পঢ়ক: ঘন কুঁৱলী! বাতিল ২৬৭ খন ট্ৰেইনৰ চলাচল...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in