হাটশিঙিমাৰীত লাচিত দিৱস উপলক্ষে আৰক্ষী-জনতাৰ চাফাই অভিযান

বীৰ লাচিত বৰফুকন ৪০০ তম জন্ম জয়ন্তী উপলক্ষে শনিবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাত সদৰ হাটশিঙিমাৰীত আৰক্ষী অধীক্ষ আৰু স্থানীয় ৰাইজে চাফাই অভিযান চলায়।
হাটশিঙিমাৰীত লাচিত দিৱস  উপলক্ষে আৰক্ষী-জনতাৰ চাফাই অভিযান

ডিজিটেল সংবাদ, মানকাচৰ: বীৰ লাচিত বৰফুকন ৪০০ তম জন্ম জয়ন্তী উপলক্ষে শনিবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাত সদৰ হাটশিঙিমাৰীত আৰক্ষী অধীক্ষ আৰু স্থানীয় ৰাইজে চাফাই অভিযান চলায়। বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, বাট-পথত চাফাই অভিযান চলোৱা হয়।

উল্লেখযোগ্য যে হাটশিঙিমাৰী আৰক্ষী অধীক্ষক হৰেন টকবি, জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ফাৰুক আহমেদৰ লগতে অসম আৰক্ষী, বেটেলিয়ান তথা স্থানীয় ৰাইজে থানা, আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, জিলা উপায়ুক্তৰ কাৰ্যালয়, মছজিদ, বজাৰ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বাট পথ পৰিষ্কাৰ কৰা হয়।

আৰক্ষী অধীক্ষক নিজে হাতত ঝাড়ু লৈ এই চাফাই অভিযান চলায়। লাচিত দিৱস উপলক্ষে কালি জিলা আৰক্ষী প্ৰশাসনৰ উদ্ধোগত মাৰ্চ পাষ্ট হোৱাৰ পাছত আজি দ্বিতীয় দিনা চাফাই অভিযান চলোৱা হয়। আনহাতে জিলা প্ৰশাসনৰ উদ্ধোগত সাতদিনীয়াকৈ বিভিন্ন কাৰ্য্যসূচী হাতত লোৱা হৈছে।

আৰু পঢ়ক: দক্ষিণ কামৰূপৰ গৰৈমাৰীত ড্রাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in