টাই পৰম্পৰা ৰীতি-নীতিৰে অসম ফুৰালুং সমাজৰ সোণালী জয়ন্তী অধিৱেশনৰ লাইখুঁটা স্থাপন

টাই পৰম্পৰা ৰীতি-নীতিৰে অসম ফুৰালুং সমাজৰ সোণালী জয়ন্তী অধিৱেশনৰ লাইখুঁটা স্থাপন

দুয়োদিনৰ কাৰ্য্যসূচীত অনুষ্ঠিত হ’বলগীয়া ফুৰালুং সমাজৰ সোণালী জয়ন্তী অধিৱেশনত উদ্যোক্তাই সকলো ৰাইজৰ সহযোগিতা কামনা কৰে

ডিজিটেল সংবাদ,মথুৰাপুৰঃ অসম ফুৰালুং সমাজৰ সোণালী জয়ন্তী অধিৱেশনৰ বৃহস্পতিবাৰে লাইখুঁটা স্থাপন কৰে। চৰাইদেউ আৰু শিৱসাগৰ মথুৰাপুৰ দেওধাই গাঁৱৰ শাখাৰ সহযোগত অহা ২০ আৰু ২১ মে'ত চৰাইদেউ জিলাৰ মথুৰাপুৰ দেওধাই গাঁৱৰ বৰতল খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া অসম ফুৰালুং সমাজৰ সোণালী জয়ন্তী অধিৱেশনৰ আজি লাইখুঁটা স্থাপন কৰা হয় ৷

টাই পৰম্পৰা ৰীতি-নীতিৰে আজি অধিৱেশনৰ লাইখুঁটা আনুষ্ঠানিকভাৱে স্থাপন কৰা হয় ৷ উল্লেখ্য় যে টাইলুং টাই খামসকলৰ নিজা সাংস্কৃতিক পৰম্পৰা ফুৰালুঙক সঠিকভাৱে পালন কৰিবৰ বাবে ১৯৭৩ চনত সদৌ অসম মহন দেওধাই বাইলুং সন্মিলনৰ পৃষ্ঠপোষকতাত জন্ম গ্ৰহণ কৰা সদৌ অসম ফুৰালুং সমাজৰ ইতিমধ্যে ৫০ বৰ্ষত ভৰি দিয়াত পৰিপ্ৰেক্ষিতত  ফুৰালুং সমাজৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত চৰাইদেউ জিলাৰ  মথুৰাপুৰ দেওধাই গাঁৱৰ শাখাৰ সহযোগত  সোণালী জয়ন্তী অধিৱেশনৰ আয়োজন কৰা হৈছে।

জানিবলৈ দিয়া মতে সদৌ অসম ফুৰালুং সংঘ নামে প্ৰতিষ্ঠা হোৱা অনুষ্ঠানটি পৰৱৰ্তী সময়ত ফুৰালুং সমাজ অসম নামেৰে চৰকাৰী পঞ্জীয়নভুক্ত হয় আৰু অসমৰ প্রায় ৯ খন জিলাত সিঁচৰতি আছে ৷ দুয়োদিনৰ কাৰ্য্যসূচীত অনুষ্ঠিত হ’বলগীয়া ফুৰালুং সমাজৰ সোণালী জয়ন্তী অধিৱেশনত উদ্যোক্তাই সকলো ৰাইজৰ সহযোগিতা কামনা কৰে ৷

টাই পৰম্পৰা ৰীতি-নীতিৰে অসম ফুৰালুং সমাজৰ সোণালী জয়ন্তী অধিৱেশনৰ লাইখুঁটা স্থাপন
জেবি'জ ৰেষ্টুৰেণ্টলৈ জমেট' ৰেষ্টুৰেণ্ট ২০২৩ বঁটা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in