/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/c3dede6c-8ae8-4d88-8967-baa06c7fd701/q2.jpg)
ডিজিটেল সংবাদ, লোহাৰঘাটঃ ৰাভাসকলৰ প্ৰথম মহিলা কবি বগেজাৰী। এই কবি গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই লোহাৰঘাটৰ বগেজাৰী সমন্বয় ক্ষেত্ৰত যোৱা ২২ ফেব্ৰুৱাৰীৰ পৰা পাঁচদিনীয়াকৈ অনুস্থিত হৈছে নিখিল ৰাভা সাহিত্য সভাৰ সোণালী জয়ন্তী।
এই সোণালী জয়ন্তীৰ শনিবাৰে বিয়লি মুকলি সভাৰ সভাপতি অমৰ সিংহ কোচৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্বোধন কৰে সদৌ ৰাভা কৃষ্টি সন্মিলনৰ সভাপতি দীপক পামে। তেওঁ প্ৰত্যেক ভাষাৰ যে একো একোটা দেৱ ভাষা থাকে তাৰ উদাহৰণ দাঙি ধৰে। তেওঁ ৰাভা ভাষাৰ ৰাষ্ট্ৰীয় স্বীকৃতি দিয়াৰ বাবে চৰকাৰক আহ্বান জনাব বুলিও উল্লেখ কৰি নিখিল ৰাভা সাহিত্য সভাৰ এই সোণালী জয়ন্তীৰ সফল ৰূপায়ণ হোৱাৰ কামনা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/2fbedda0-3457-441f-ab28-3f76f731a0d2/fdad9498_2e7c_480f_82b9_a74489308c1c.jpg)
আদৰণি ভাষণ প্ৰদান কৰি সোণালী জয়ন্তীৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি ৰমাকান্ত ৰাভাই কয় ৰাভা জাতিৰ প্ৰাণস্বৰূপ বগেজাৰীৰ নামেৰে এই সমন্বয় ক্ষেত্ৰৰ নামাকৰণ কৰিবলৈ পাই বাৰুকৈয়ে গৌৰৱান্বিত। বগে ৰাজ্যৰ ৰজা বগে বা বগা সিং আৰু ৰাণী ধুন্দুলীৰ পাঁচগৰাকী কন্যাৰ ভিতৰত ডাঙৰ গৰাকীৰ নাম আছিল বগেজাৰী। বগেজাৰী আছিল স্বভাৱ শিল্পী। তেওঁ গীত ৰচনা কৰিছিল,গাইছিল আৰু আনকো গাবলৈ শিকাই উৎসাহিত কৰিছিল। গীত গোৱাৰ লগতে বগেজাৰীয়ে নৃত্যও কৰিছিল আৰু আনকো নাচিবলৈ অনুপ্ৰেৰণা যোগাইছিল। বগেজাৰী প্ৰজা সাধাৰণৰ অতিকৈ মৰম চেনেহ আৰু আদৰৰ আছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/b52c8b19-bdea-459b-a549-f867e33988f7/4c840d41_6b31_42c7_b711_a6526d72a506.jpg)
বগেজাৰী গীতসমূহৰ সময় ১৬শ শতিকাৰ আদিভাগ আছিল বুলি ঠাৱৰ কৰা হয়। এই বগেজাৰী গীতসমূহে আজিও ৰাভাসকলৰ জাতীয় জীৱন আৰু জাতীয় সাহিত্যক উজ্জীৱিত কৰি ৰাখিছে। এই গীত আৰু নৃত্যসমূহ আজি সমগ্র বিশ্বৰে লোক সাহিত্য আৰু সংস্কৃতিৰ অমূল্য সম্পদত পৰিণত হোৱাটো ৰাভা জাতিৰ বাবেই গৌৰৱৰ বিষয়। বিশ্বায়নৰ যুগত প্ৰতিটো দিনতো একো একোটা ভাষা লুপ্ত হৈ যাব ধৰা দেখা গৈছে। সৰু সৰু ভাষা সমূহৰ এনে এক সংকটৰ সময়তো কিন্তু ৰাভা জাতিয়ে ৰাভা ভাষা চর্চা কৰাৰ আৰু শিকাৰ এক পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/8dd59071-2575-453e-a41e-aa706917eb19/bad9aa4f_6ade_4e59_92b3_fa867a4a3281.jpg)
সভাত নিৰ্দিষ্ট বক্তা হিচাপে ৰাভা মহিলা লেখিকা সমিতিৰ সভানেত্ৰী ৰীতা ৰাভাই অংশগ্ৰহণ কৰি নিখিল ৰাভা সাহিত্য সভাৰ এই উৎসৱক স্বৰ্ণীল যাত্ৰাৰ এক বৰ্ণিল যাত্ৰা বুলি কয়। এই সোণালী জয়ন্তীত মুঠ ১১৯ খন গ্ৰন্থ উন্মোচন কৰাটো ৰাভা জাতিৰ বাবে এক উত্তোৰণৰ দিশ বুলি কয়। অৱশ্যে গ্ৰন্থ প্ৰকাশ কৰিলেই নহব পাঠকো বাঢ়িব লাগিব। অসমৰ বিভিন্ন প্ৰান্তত থকা ৰাভা লোকৰ ভাষা,সাহিত্য,সংস্কৃতিৰ দিশত ৰাভাসকল একত্ৰিত হ'ব লাগিব বুলি কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/769080c6-529c-4699-8dcb-6c8b38543b38/48f379e1_9cd5_4e47_a49c_d7757625a701.jpg)
তেওঁ লগতে ৰাভা ভাষাৰ ভাষিক সংকট,জাতীয় সচেতনতা, ৰাভা ভাষাৰ বিকাশ কৰা সন্দৰ্ভত ভাষাণ প্ৰদান কৰে। মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰ নাথ শৰ্মাই কয় ৰাভা ভাষাক সংকুচিত নকৰি ইয়াক সম্প্ৰসাৰণ কৰিব লাগিব। ইংৰাজী ভাষাৰ আগ্ৰাসনৰ পৰা জাতিটোক উদ্ধাৰ কৰিব লাগিব। আমাৰ প্ৰয়োজনত আমি জনগোষ্ঠীয় ভাষাক ব্যৱহাৰ কৰি মাতৃভাষাক ৰক্ষা কৰিবৰ বাবে ঐক্যবদ্ধ হব লাগিব বুলি কয়।
বিশিষ্ট অতিথি হিচাপে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই অংশগ্ৰহণ কৰি কয় অসমত যিমান জাতি আছে ইয়াৰ ভিতৰত ৰাভা জাতিয়েহে সংগ্ৰাম জীয়াই ৰাখিব পাৰিব। তেওঁ ৰাভা জাতিৰ জাতীয় পাজাৰত ৰামধেনুৰ সাতো ৰং থকা বুলি উল্লেখ কৰে। তেওঁ লগতে ৰাভা জাতীৰ সম্পদ বাদুংদুপ্পাৰ নাট্যচৰ্চাৰ আদিৰ বিষয়ে কয়। তেওঁ ৰাভা হাছঙত আগত শিক্ষা বৰ্ষত ৰাভা ভাষাৰ প্ৰয়োগ কৰাৰ আহ্বান জনায়। তেতিয়াহে এই চৰকাৰ জাতি,মাটিৰ প্ৰতি দায়বদ্ধ হ'ব বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/bdf6e273-fe13-4e69-a02d-e849367b899e/99503480_5c2d_405b_9b9b_045e8f788c24.jpg)
এসময়ত ৰক্তাক্ত হৈ থকা ৰাভা হাছঙত এতিয়া উন্নয়ন হৈছে বুলি কয়। অৰ্থনীতিৰ বুনিয়াদ যদি হয় এটি জাতি ঠন ধৰি উঠিব পাৰে। কেৱল এটি গানত ৰাভা জাতিৰ কথা কৈ ৰাভা জাতিৰ উন্নতি হ'ব বুলি তেওঁ নাভাবে বুলি কয় প্ৰকাশ মহন্তই।
সভাত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অংশগ্ৰহণ কৰি এই নিখিল ৰাভাৰ সোণালী জয়ন্তীৰ সফল ৰূপায়ণ হোৱাৰ এখন শৰাইৰে অভিনন্দন জনায়। তেওঁ ৰাভা সাহিত্য সভাক এখন ৰাভা ভাষাৰ শব্দকোষ প্ৰস্তুত কৰাৰ আহ্বান জনায়। এই শব্দকোষত অসমীয়া আৰু ইংৰাজীৰ সংযোজন থাকিব লাগিব। আৰু এই শব্দকোষ প্ৰস্তুতৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই দায়িত্ব পালন কৰিব বুলি কয় ড০ ভট্টচাৰ্যই।
লগতে অসমৰ সকলো জনজাতীয় জনগোষ্ঠীৰ ভাষাৰ বিকাশ কৰাৰ উপৰি ৰাভা ভাষাক প্ৰাথমিক পৰ্যায়লৈ অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰলৈ আহ্বান জনায়। সভাত পশ্চিমবংগৰ তুফাণগঞ্জ বিধানসভাৰ বিধায়িকা মালতী ৰাভা ৰয়ে উপস্থিত থাকি নিখিল ৰাভা সাহিত্য সভাৰ এই সোণালী জয়ন্তীৰ সফল ৰূপায়ণ হোৱাৰ বাবে গৌৰৱ কৰে। আগত সময়তো এনে সভাত উপস্থিত থাকিব বুলি ভাষণ প্ৰদান কৰে। আমাৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে এনে ৰাভা,বড়ো কৃষ্টিক জীয়াই ৰাখিব লাগিব বুলি ভাষণত উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/c9025e44-67ca-4413-8cb4-efae626ecbac/c96739c5_a295_499e_b215_39979296cb16.jpg)
আজিৰ এই সভাত বিভিন্ন জাতি জনগোষ্ঠীৰ গীত নৃত্য পৰিৱেশন কৰা হয়। লগতে সমবেত লোকসকলক ৰাভা জাতীয় পাজাৰ,গ্ৰন্থৰ টোপোলা,ট্ৰফী আদিৰে সম্বৰ্ধনা জনাই। এই সভাত লগতে বিধায়ক হেমাংগ ঠাকুৰীয়া,হিমাংশু শেখৰ বৈশ্য,সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক নিৰোদ কুমাৰ দাসকে ধৰি বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে।
আনহাতে আজি পুৱা বিকালি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড০ মলিনা দেৱী ৰাভাৰ সঞ্চালনাত এই সভাৰ সম্পাদক ৰাজকুমাৰ ৰাভাই আঁত ধৰা কবি সন্মিলনৰ উদ্বোধন কৰে অসম সাংস্কৃতিক সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক মুকুল ৰাভাই। তেওঁ কবিসকলক মিলাপ্ৰীতিৰে সমাজ গঢ়িবলৈ কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/3c89f742-6523-4fa0-9a5f-8e238e55372f/471f9ca3_963b_4963_b213_d6061fb47e92.jpg)
নানা জাতি জনজাতিৰ মাজত কবিসকলে নিশ্চয়কৈ সম্প্ৰীতিৰ সাকো গঢ়িব পাৰে বুলি তেওঁ উল্লেখ কৰে। সঞ্চালকৰ আসনৰ পৰা ড০ মলিনা দেৱী ৰাভাই চিত্ৰকল্প,ব্যঞ্জনা,শব্দ গাঠনি আদিৰ ওপৰত ভাষণ প্ৰদান কৰে। এই কবি সন্মিলত বিশিষ্ট কবি অনুভৱ তুলসী, ইন্দুপ্ৰভা দেৱী,এডৱাৰ্ড ষ্টেডিএন চাংমা,অমৰজ্যোতি ৰাভা,বিৰিঞ্চি কুমাৰ ৰাভা, চাৰ্জেন ৰাভা মেগোকে ধৰি কেইবাজনো কবিয়ে অংশগ্ৰহণ কৰি ৰাভা,বড়ো,নেপালী,ৰাভামিজ,গাৰো,মিচিং,তিৱা,অসমীয়া আদি ভাষাত কবিতা পাঠ কৰে।
কাইলৈ পুৱা দহ বজাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। এই সোণালী জয়ন্তীত ৰাইজক অংশগ্ৰহণ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনায়।
Also Read: ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক সভাৰ সামৰণি