মঞ্চত জুবিনে গাইছে 'মাজুলী', সুৰাত মাতাল অনুৰাগীয়ে নাচিছে চকী ভাঙি...

মঞ্চত জুবিনে গাইছে 'মাজুলী', সুৰাত মাতাল অনুৰাগীয়ে নাচিছে চকী ভাঙি...
মঞ্চত জুবিনে গাইছে 'মাজুলী', সুৰাত মাতাল অনুৰাগীয়ে নাচিছে চকী ভাঙি...

ডিজিটেল ডেস্কঃ বাৰে বাৰে বিতৰ্কৰ সৃষ্টি হয় জুবিন গাৰ্গৰ সংগীতানুষ্ঠানকলৈ। কেতিয়াবা যদি জুবিন গাৰ্গ নিজেই এই বিতৰ্কৰ কেন্দ্ৰ হৈ পৰে আন কেতিয়াবা আকৌ তেওঁৰ অনুষ্ঠানৰ দৰ্শক।

সোমবাৰে নিশাও তেনে এক ঘটনাই সংঘটিত হ'ল। এফালে মঞ্চত জুবিন গাৰ্গে গাই আছে তেওঁৰ জনপ্ৰিয় গীত আৰু মঞ্চৰ তলত একাংশ উদণ্ড অনুৰাগী তথা যুৱকে এখনৰ পাছত এখনকৈ ১০০ ৰো অধিক চকী ভাঙি সৃষ্টি কৰিলে অপ্ৰীতিকৰ পৰিস্থিতি।

দেৰগাওঁৰ নৃত্যাঞ্জলি কলা কেন্দ্ৰই অনুষ্ঠিত কৰা এই সংগীতানুষ্ঠানত সুৰা সেৱন কৰি এফালৰ পৰা ধ্বংস কৰি গ'ল চকীসমূহ। ভিডিঅ'ত দেখা পোৱা গৈছে চকী ভাঙি ভাঙি এই উদণ্ড যুৱকসকলে জুবিনৰ গানত নাচি-বাগি চকীসমূহ দলিয়াই ভাঙি গৈছে।

আয়োজক সমিতিয়ে বাৰে বাৰে তেওঁলোকক শান্ত হ'বলৈ আহ্বান জনাইছিল যদিও শান্ত নহ'ল এই সুৰাসক্ত যুৱকৰ দল। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া দেৰগাওঁত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

সাংস্কৃতিকভাৱে অতি চহকী বুলি পৰিচিত দেৰগাঁৱত কিদৰে এই ঘটনা সংঘটিত হ'ল তাক লৈ চিন্তিত দেৰগাঁৱৰ জ্যেষ্ঠ লোকসকলক। তেওঁলোকে শীঘ্ৰে এই যুৱকসকলক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ আহ্বান জনাইছে।

মঞ্চত জুবিনে গাইছে 'মাজুলী', সুৰাত মাতাল অনুৰাগীয়ে নাচিছে চকী ভাঙি...
গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধঃ যাত্ৰীৰ মাজত হাহাকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in