নাগৰিকত্ব সংশোধনী আইনক লৈ প্ৰতিবাদ : ৰাজ্যপালক সাক্ষাৎ বিৰোধী ঐক্য মঞ্চৰ

বিৰোধী ঐক্য মঞ্চৰ হুংকাৰৰ পিচতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে সতৰ্কবাণী ৰাজহুৱা কৰিছে। তেওঁ অসম বন্ধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।
নাগৰিকত্ব সংশোধনী আইনক লৈ প্ৰতিবাদ : ৰাজ্যপালক সাক্ষাৎ বিৰোধী ঐক্য মঞ্চৰ

ডিজিটেল ডেস্ক : ৰাজ্যত আকৌ আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইনক লৈ প্ৰতিবাদ। বৃহস্পতিবাৰে বিৰোধী ঐক্য মঞ্চই ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াক সাক্ষাৎ কৰি এখন স্মাৰক পত্ৰ অৰ্পণ কৰে।

লুৰীণজ্যোতি গগৈ, দেৱব্ৰত শইকীয়া,ভূপেন বৰা,অখিল গগৈ,ৰিপুণ বৰাকে ধৰি বিৰোধী ঐক্য মঞ্চৰ ভালেকেইগৰাকী নেতাই ৰাজ্যপাল কাটাৰিয়াক সাক্ষাৎ কৰে। বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন বৰা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ স্বাক্ষৰিত স্মাৰক পত্ৰখন ৰাজ্য়পালৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীলৈ প্ৰেৰণ কৰাৰ কথা জানিবলৈ দিয়ে।

অসম 'কা' বলৱৎ নকৰিবৰ বাবে প্ৰধানমন্ত্ৰী লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। অসমত 'কা' বলৱৎ হোৱাৰ পিচদিনাই আন্দোলন গঢ়ি তোলা হ'ব বুলিও বিৰোধী ঐক্য মঞ্চই উল্লেখ কৰে। ইয়াৰোপৰি 'কা' বলৱৎ হ'লে অসম বন্ধৰ আহ্বান জনোৱা হ'ব বুলি মঞ্চই উল্লেখ কৰে।

ইফালে বিৰোধী ঐক্য মঞ্চৰ হুংকাৰৰ পিচতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙে সতৰ্কবাণী ৰাজহুৱা কৰিছে। তেওঁ অসম বন্ধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।

বন্ধ দিলে বহু পৰিমাণৰ আৰ্থিক লোকচানে দেখা দিয়ে। অসমৰ GSDPৰ কথা উল্লেখ কৰি জিপি সিঙে কয় যে,অসম বন্ধ দিয়াৰ ফলত এদিনত প্ৰায় ১৬৪৩ কোটি টকা লোকচান হয়। গতিকে অসম বন্ধ দিয়া কাৰ্য ৰূপায়ণ নকৰিব অন্যথা উল্লেখিত লোকচানৰ পৰিমাণ বন্ধ দিয়া সকলে ভৰিব লাগিব।

নাগৰিকত্ব সংশোধনী আইনক লৈ প্ৰতিবাদ : ৰাজ্যপালক সাক্ষাৎ বিৰোধী ঐক্য মঞ্চৰ
চিলাপথাৰ কেবাৰঙত পঃৰাগ উৎসৱ উদযাপনৰ প্ৰস্তুতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in