/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/a852850c-84dc-4d7c-8fe6-1bbc200205ad/2121.jpg)
ডিজিটেল সংবাদ,গোলাঘাট : গোলাঘাট ছহিদ কুশল কোঁৱৰ চিকিৎসালয়ত অস্বাভাৱিক মৃত্যুক লৈ সৃষ্টি হৈছে উৎকন্ঠা। জানিব পৰা মতে নুমলীগড়ৰ বাসিন্দা বাবলু বৰা নামৰ যুৱকজনে শৰীৰত পোৱা আঘাতৰ পৰা তেজ নিগৰি থকাৰ ফলত পত্নীয়ে গোলাঘাট চিকিৎসালয়লৈ আনি চিকিৎসা গ্ৰহন কৰাইছিল।
অভিযোগ অনুসৰি চিকিৎসা গ্ৰহন কৰি থকা বাবলু বৰাই মঙলবাৰে নিশা চিকিৎসকৰ পৰামৰ্শ মতে খিৰিকী ভাঙি ওলাই যোৱা বুলি জানিব পৰা গৈছে। পুৱা বাবলু বৰাক মৃত অৱস্থাত চিকিৎসালয়ৰ পাছফালে থকা পথৰ দাতিত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে।
পত্নীয়ে জনোৱা অনুসৰি চিকিৎসালয়ৰ পিছফালে পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো বাবলু বৰাৰ। আৰক্ষীৰ অনুসন্ধানতহে কি কাৰণত যুৱকজনৰ মৃত্যু হ'ল সেই সন্দৰ্ভত পিছলৈ জানিব পৰাৰ সম্ভাৱনা আছে।
Also Read: কেইজন অসমীয়াই জানে তেওঁক...