কেইজন অসমীয়াই জানে তেওঁক...

কেইজন অসমীয়াই জানে তেওঁক...

মৃদুল কুমাৰ সন্দিকৈ

এইজন অসমীয়া এদিন দেশৰে এজন প্ৰভাৱশালী ৰাজনীতিবিদ আছিল। তেওঁক ইন্দিৰা গান্ধীৰ দৰে প্ৰধানমন্ত্ৰীয়ে বৈদেশিক মন্ত্ৰণালয়ৰ গুৰুত্বপূৰ্ণ মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিছিল। তেওঁক নজনোৱাকৈয়ে গান্ধীয়ে মন্ত্ৰী পদত তেওঁক কিয় স্থান দিব বুলি গৰজি উঠিছিল।

ইন্দিৰা গান্ধীয়ে মন্ত্ৰীসভাৰ তালিকা নিজাকৈ প্ৰস্তুত কৰিছিল। কাক কেবিনেট মন্ত্ৰী, কাক ৰাজ্যিক মন্ত্ৰী আৰু কাক উপ মন্ত্ৰী পাতিব সেই তালিকা প্ৰস্তুত কৰোতে তেওঁৰ নাম হেনো ৰাজ্যিক বৈদেশিক মন্ত্ৰী হিচাপে আছিল।

ইন্দিৰা গান্ধীৰ ঘনিষ্ঠ ওম মেহতাই তেওঁক এই কথা পিছলৈ নিজ মুখে কৈছিল। মন্ত্ৰী সভা ঘোষণা কৰা আগদিনা সেই তালিকা ইন্দিৰা গান্ধীয়ে সেই সময়ৰ কংগ্ৰেছৰ সভাপতি দেৱকান্ত বৰুৱাক দেখুৱাইছিল। আলোচনা কৰিছিল বৰুৱাৰ সৈতে নতুন মন্ত্ৰীসভাৰ বিষয়ে। এজন অসমীয়াই আন এজন অসমীয়াক মন্ত্ৰীসভাত স্থান দিয়াৰ বাবে ইন্দিৰা গান্ধীৰ সন্মুখত তীব্ৰ বিৰোধিতা কৰিছিল সেইদিনা।

এইবোৰ সাধু কথা নহয়। এজন অসমীয়া ৰাজনীতিবিদে তথ্য সহকাৰে লিখি থৈ যোৱা কথা। ইন্দিৰা গান্ধীয়ে প্ৰশ্ন কৰিছিল- কিয় তেওঁক মন্ত্ৰী সভাত ল’ব নালাগে? দেৱকান্ত বৰুৱাই ইয়াৰ তিনিটা কাৰণ দিছিল।

তাৰ প্ৰথমটো কাৰণ আছিল- ইন্দিৰা গান্ধীৰ সৈতে সেই সময়ত মনোমালিন্যই চূড়ান্ত ৰূপ লোৱা বিমলা প্ৰসাদ চলিহাৰ জোঁৱাই তেওঁ। দ্বিতীয়টো কাৰণ আছিল- ৰাজ্যসভালৈ তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থীক হৰুৱাই নিদৰ্লীয় সদস্য হিচাপে নিৰ্বাচিত হৈছিল আৰু তেওঁ প্ৰকৃততে এজন লোহিয়াপন্থী সমাজবাদী।

বৰুৱাৰ অন্তিমটো যুক্তি আছিল- তেওঁতকৈ বহু জ্যেষ্ঠ অসমৰ সাংসদে মন্ত্ৰীসভাত স্থান লাভ কৰাৰ বাবে আশাৰে ৰৈ আছে। সেই সকলৰ বিপৰীতে এওঁক স্থান দিলে পুৰণি নিষ্ঠাৱান কংগ্ৰেছসকলৰ প্ৰতি অন্যায় কৰা হ’ব।

ইন্দিৰা গান্ধীয়ে সেই মূৰ্হুতত কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰি ওম মেহতাক সুধিছিল- বৰুৱাৰ এই আপত্তিৰ সন্দৰ্ভত তেওঁৰ কিবা ক’ব লগা আছে নেকি? ওম মেহতাই সেইদিনা দেৱকান্ত বৰুৱাৰ এই যুক্তিকেইটা খণ্ডন কৰিছিল। ইন্দিৰা গান্ধীয়ে বৰুৱাক শেষ সিদ্ধান্ত দিছিল- আপোনাৰ আপত্তিৰ বাবে তেখেতক ৰাজ্যিক বিদেশ মন্ত্ৰী কৰাৰ বিপৰীতে উপ বিদেশমন্ত্ৰী কৰি ৰাখিম মোৰ মন্ত্ৰীসভাত।

এনেকৈয়ে এজন অসমীয়াই বিদেশ উপ মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদবীত স্থান লাভ কৰিছিল। ১৯৭৪চনৰ ১৭অক্টোবৰত তেওঁ বিদেশ উপ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। চাউথ ব্লকত থকা বিদেশ মন্ত্ৰণালয়ত তেওঁৰ বাবে কাৰ্যালয় ঠিক কৰা আছিল।

বিদেশ উপমন্ত্ৰীৰূপে শপত লোৱাৰ পাছতে বাগ্মিতা, প্ৰচুৰ অধ্যয়ন আদিৰ বাবে তেওঁ বহু দায়িত্ব পালন কৰিব লগা হৈছিল। কাৰ্যভাৰ গ্ৰহণৰ পাছতে ২৭অক্টোবৰত ভাৰত ভ্ৰমণলৈ আহিছিল ড০ হেনৰী কিছিঞ্জাৰ। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সৈতে তেওঁ কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠকত অংশ লৈছিল।

সেই বৈঠকসমূহত লক্ষ্যণীয়ভাৱে ইন্দিৰা গান্ধীয়ে লগত ৰাখিছিল তেওঁক। সাধাৰণতে এনে উচ্চ পৰ্যায়ৰ বৈঠকত প্ৰধানমন্ত্ৰীক উপমন্ত্ৰীয়ে সংগ দিয়াৰ উদাহৰণ নাছিল। একেটা কামকে কৰিছিল ড০ কিছিঞ্জাৰৰ পাছত ভাৰত ভ্ৰমণলৈ অহা শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী বান্দাৰ নায়কৰ ক্ষেত্ৰতো।

সৰ্বভাৰতীয় কাকত- আলোচনী তেওঁৰ কথা গুৰুত্বসহকাৰে প্ৰকাশ পাইছিল। উপ মন্ত্ৰী হিচাপে তেওঁক ইন্দিৰা গান্ধীয়ে বহু গধুৰ দায়িত্ব দিছিল। সমগ্ৰ আফ্ৰিকা মহাদেশ আৰু দক্ষিণ পূব এছিয়া চোৱা-চিতা কৰিব লগা হৈছিল।

আনকি ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰতিনিধি হিচাপে দুবাৰকৈ অংশ ল’বলৈ ইন্দিৰা গান্ধীয়ে তেওঁক পঠাইছিল। ৰাষ্ট্ৰসংঘৰ মহাসভাত নিৰ্দিষ্ট দেশৰ ৰাষ্ট্ৰপতি বা প্ৰধানমন্ত্ৰীয়ে অংশ লয়। সেই সুযোগ কিন্তু তেওঁক ইন্দিৰা গান্ধীয়ে দিছিল।

এনেকুৱাও নাছিল যে তেওঁ ইন্দিৰা গান্ধীৰ অন্ধ সমৰ্থক আছিল। বিভিন্ন সময়ত ইন্দিৰা গান্ধীক তেওঁৰ স্থি্তিয়ে বিপদত পেলাইছিল। কিয়নো তেওঁ নীতি- আদৰ্শত বিশ্বাসী আৰু পোণপতীয়াকৈ কথা কোৱা এজন ৰাজনীতিবিদ আছিল।

দক্ষিণ-পূব এছিয়াৰ ভ্ৰমণৰ সময়ত তেওঁৰ সেই দেশসমূহৰ সৈতে ঐতিহাসিক দৃষ্টিকোণেৰে ভাৰতৰ সম্পৰ্ক কেনেদৰে গাঢ় কৰিব পাৰি, ইয়াৰ ওপৰত গুৰুত্ব দিছিল। তেওঁ ফিলিপিনছ ভ্ৰমণ কৰি এৰাতি হংকঙত থাকি ঘূৰি আহিব লওঁতে দেখিছিল অষ্ট্ৰেলিয়াৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী মেলকৰ্ণ ফেজাৰে চীন ভ্ৰমণ কৰি ভাৰতক কঠোৰভাৱে সমালোচনা কৰিছিল।

বাতৰি কাকতত সেই খবৰ পায়েই তেওঁ হংকঙতেই সাংবাদিকৰ সন্মুখত ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। এনে এক উত্তৰ সেইদিনা তেওঁ দিছিল, ইন্দিৰা গান্ধীয়েও তেওঁক চাব্বাছ দিছিল। বিদেশ ভ্ৰমণ সামৰি উভতাৰ সময়ত তেওঁক বিমান বন্দৰৰ পৰা আনিবলৈ যোৱা অতিৰিক্ত সচিব প্ৰধানজনে ভয়ে ভয়ে কৈছিল- তেওঁৰ মন্তব্যক লৈ বিদেশ মন্ত্ৰণালয় কূটনীতিবিদ সকল নাৰাজ।

কিন্তু সেই মন্তব্য ইন্দিৰা গান্ধী আৰু তেতিয়াৰ বিদেশ মন্ত্ৰীয়ে পঢ়ি এটা কমাও বাদ নিদিয়াকৈ সেই খবৰ বাতৰি কাকত আৰু আকাশবাণীলৈ প্ৰেৰণৰ নিৰ্দেশ দিছিল। কূটনৈতিক হিচাপে তেওঁ আছিল যথেষ্ট সচেতন।

সেইবাৰ তেওঁ উগাণ্ডালৈ গৈছিল। দেশখনৰ ৰাষ্ট্ৰপতি আছিল পৃথিৱীৰ কুখ্যাত স্বেচ্ছাচাৰী আৰু একস্ৰত্ৰী শাসক ইডি আমিন। তেওঁৰ দুষ্কাৰ্যৰ কথা তেতিয়া সমগ্ৰ বিশ্বতে প্ৰচাৰ হৈছিল। ক্ষমতালৈ আহিয়েই দেশখনত থকা ভাৰতীয় ব্যৱসায়ীক বহিষ্কাৰ কৰিছিল। এনে কিছু আইন প্ৰণয়ন কৰিছিল যিবোৰ ভাৰতীয়সকলৰ বাবে আছিল অকল্পনীয়।

সেই সমস্যা সমাধানৰ বাবে উগাণ্ডালৈ তেওঁক পঠোৱা হৈছিল। উগাণ্ডাৰ ৰাজধানী চহৰ কাম্পালা পাইছিলগৈ তেওঁ। বিদেশী অতিথিসকলক থকিবলৈ এখন হোটেলত ব্যৱস্থা কৰা হৈছিল। ইডি আমিনৰ সৈতে সাক্ষাৎকাৰৰ দিন ঠিক হৈছিল তেওঁৰ বাসগৃহত। সময় পুৱা ১১.০০বজাত।

কিন্তু তেওঁক বহুৱাই থলে প্ৰায় ৩ঘন্টা। দুপৰীয়া ১.০০বজাত তেওঁক ওপৰ মহলালৈ মাতি পঠোৱা হল। ওপৰলৈ উঠি হৈ দেখিলে এজন বিৰাটকাৰ মানুহ থিয় হৈ আছে। সন্মুখত ১০-১৫গৰাকী কেমেৰামেন। ভদ্ৰ আচৰণেই কৰিছিল তেওঁ।

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত বিট্ৰিছ সেনাৰ মেজৰ হিচাপে তেওঁ ভাৰতলৈ আহিছিল। সেই স্মৃতি সোঁৱৰণ কৰি তেওঁ হাতখন কৰমৰ্দনৰ বাবে ধৰোতে প্ৰচণ্ড মানুহজনৰ হাতৰ চেপাঁত তেওঁ বিষ অনুভৱ কৰিছিল। কূটনীতি তেওঁ ইতিমধ্যে শিকি পেলাইছিল। আমিনক আকাশলৈ তুলি দিছিল। বহু পুৰণি মানুহে আমিনক এতিয়াও কেনেদৰে সশ্ৰদ্ধাৰে মনত ৰাখিছে তাৰ কল্পকাহিনী কৈছিল।

তেওঁ সাহসী আৰু কৰ্মশীল নেতা আখ্যা দিছিল। কথাবোৰে আমিনক ইমানেই মোহিত কৰিছিল যে, ভাৰতীয়সকলৰ ক্ষতিপূৰণৰ বাবদ বহু প্ৰতিশ্ৰুতি দিয়াৰ লগতে এখন চেক তুলি দিছিল। এই কাম কৰি তেওঁ যেতিয়া স্বদেশলৈ উভতি আহিছিল, তেতিয়া ইন্দিৰা গান্ধীয়ে কৈছিল- এয়া যে তোমাৰ দ্বাৰাহে সম্ভৱ, সেয়া মই জানিছিলো।

এনে বহু কাহিনী আছে তেওঁৰ। ৰাষ্ট্ৰসংঘৰ মজিয়াত পাকিস্তানক জোকাৰি পেলাইছিল তেওঁ। অপ্ৰাংসগিক আৰু ভিত্তিহীন কথা ক’লেই তেওঁ উভতি ধৰিছিল। আন্তৰিকতাৰে তেওঁ দেশৰ হৈ যুঁজিছিল। পাকিস্তানৰ মুখা খুলি দিছিল। সেই সময়ত মিত্ৰ দেশ আছিল আমেৰিকা। আমেৰিকাৰ ৰাষ্ট্ৰ সংঘৰ প্ৰতিনিধি আছিল জৰ্জ বুশ্ব। যিজন পাছলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল।

ভাৰতৰ হৈ তেওঁ যিধৰণে যুক্তি তৰ্ক কৰিছিল, সেই যুক্তি তৰ্কৰ ওচৰত জৰ্জ বুশ্বেও হাৰ মানিছিল। ভাৰতৰ কথাবোৰ শুদ্ধ বুলি মানি লবলৈ বাধ্য হৈছিল। ৰাষ্ট্ৰসংঘৰ মজিয়াত চীনকো প্ৰত্যুত্তৰ দিয়া মানুহ আছিল এইজন।

বাংলাদেশ সন্দৰ্ভত চীনৰ স্থিতি আছিল স্পষ্ট। চীনৰ মতে ভাৰতৰ সম্প্ৰসাৰণবাদী নীতিৰ প্ৰথম প্ৰদক্ষেপ হল বিচিন্নতা শক্তিক উতসাহিত কৰা। চীনৰ প্ৰতিনিধি জনে সেইদিনা চোকা ভাষাৰে ভাৰতক সমালোচনা কৰি গৈছিল। তাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ ভাৰতে তীব্ৰতৰ প্ৰশ্নত চীনক এনেদৰে বন্দী কৰি পেলাইছিল যে, কূটনৈতিকভাৱে সেইদিনা চীনেও ভাৱিবলৈ বাধ্য হৈছিল-ভাৰত কম নহয়!

এইবোৰ মাত্ৰ বিদেশ উপ মন্ত্ৰী হিচাপে তেওঁৰ অভিজ্ঞতাৰ উদাহৰণ। ১৯৭৪চনৰ পৰা ১৯৭৭চনলৈকে দুবছৰ ১৫৮দিন তেওঁ ভাৰতৰ উপ বৈদেশিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। সৰুৰে পৰাই মেধাৱী আছিল তেওঁ। তেওঁৰ এই বৰ্ণিল জীৱন আৰু ৰাজনৈতিক অভিজ্ঞতাৰ সন্দৰ্ভত আজি আমি অসমীয়াসকলেই অজ্ঞ। প্ৰথমবাৰ ১৯৭০চনত ৰাজ্যসভালৈ আৰু পৰৰ্ৱতী সময়ত লোকসভালৈ নিৰ্বাচিত হৈছিল তেওঁ।

দৰং কলেজৰ অধ্যক্ষ, কলিকতাৰ বিখ্যাত কলেজ আশুতোষ কলেজতো অধ্যাপনা কৰিছিল তেওঁ। ১৯৩৯চনতে কাশী বিশ্ববিদ্যালয়ৰ পৰা এম এছ চিত উৰ্ত্তীণ হৈ অসমত তেওঁ চাকৰি পোৱা নাছিল। কাৰণ তেতিয়া অসমৰ যিকেইখন মহাবিদ্যালয় আছিল, সেই মহাবিদ্যালয়কেইখনত নাছিল পদাৰ্থ বিজ্ঞানৰ বিভাগ।

গোপীনাথ বৰদলৈয়ে তেওঁক বিলাতত ডক্টৰেট ডিগ্ৰী লাভৰ বাবে পৰামৰ্শ দিছিল। কলিকতাৰ এজন ব্যক্তিলৈ চিঠি লিখি বৰদলৈয়ে সকলো ব্যৱস্থা কৰি দিব বুলি কৈছিল যদিও তেওঁ বিলাতলৈ যোৱা নহৈছিল। কিছুদিন কলিকতাত থাকি কলিকতাৰ কলেজত চাকৰি বিচাৰি ড০ শ্যামা প্ৰসাদ মুখাৰ্জীৰ কাষ চাপিছিল।

সেই সময়ত ড০ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে দেউতাকৰ নামত চলাইছিল আশুতোষ কলেজ। ড০ মুখাৰ্জীৰ ভৱানীপুৰৰ বাসভৱনলৈ গৈ তেওঁ চাকৰি এটা আশুতোষ কলেজত লাগে বুলি অনুৰোধ কৰিছিল। তেওঁ কথা শুনি উত্তেজিত হৈ পৰিছিল শ্যমা প্ৰসাদ মুখাৰ্জী। বাংলাতে তেওঁক কৈছিল- এম এছ চি পাছ কৰি কলিকতাৰ বাটেপথে কত বঙালী লৰা ঘূৰি ফুৰিছে। মই চাকৰি দিব পৰা নাই। আৰু তই অসমৰ পৰা আহিছ মোৰ ওচৰত চাকৰি বিচাৰি!

এই কথাত তেওঁৰ খং উঠিছিল। ইংৰাজীতে তেওঁ উত্তৰ দিছিল- SIR, you are a great son of a great father. Both of you are well known educationists and highly respected national figures. I am extremely sorry to hear these wordsfrom yours lips. If you reject me on merit I would quietly walk away without grumbling. But if you reject me only because I am an assamese. I would strongly register my protest and tell everybody I known in Calcutta and guwahati that this is what dr. mukharjee is.’

৭০বছৰ বয়সত তেওঁ নিজে ৰাজনীতিৰ পৰা সন্ন্যাস লৈছিল। দেশৰ ৰাজনীতিত তেওঁ বহু উত্থান-পতনৰ সাক্ষী আছিল। অসমৰ পৰা বিদেশ মন্ত্ৰণালয়ৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্ব পোৱা তেওঁ প্ৰথমজন ৰাজনীতিবিদ আছিল। তাৰপাছত ১৯৭৯ৰ ৪আগষ্টত বেদব্ৰত বৰুৱাই ৰাজ্যিক বিদেশমন্ত্ৰী ৰূপে শপত লৈছিল। অৱশ্যে তেওঁ এই দায়িত্বত ১৬৩দিনহে আছিল।

এইজন স্বাভিমানী অসমীয়াক আমি পাহৰাৰ দৰেই! কিমান জনেনো আজি জানো তেওঁৰ কথা। তেওঁ আছিল মহান শিক্ষাবিদ, ৰাজনীতিবিদ, সমাজ সংস্কাৰক তথা বিশাল ব্যক্তিত্বৰ অধিকাৰী বিপিন পাল দাস।

১৯২০চনৰ ১১অক্টোবৰত গুৱাহাটীৰ উজান বজাৰত এক সম্ভান্ত মধ্যবিত্ত কৃষিজীৱি পৰিয়ালত তেওঁৰ জন্ম হৈছিল। ২০০৫চনৰ জুলাইত শেষ নিশ্বাস ত্যাগ কৰা বিপিন পাল দাস আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলেজ সমূহৰ পৰিদৰ্শকো। পিছলৈ কংগ্ৰেছ দলত যোগদান কৰা দাসে ভাৰতীয় সমাজৱাদী পাৰ্টিৰ নেতৃত্বও বহন কৰিছিল জয়প্ৰকাশ নাৰায়ণ, ৰাম মনোহৰ লোহিয়া, অশোক মেহতাৰ সৈতে নেতাৰ সৈতে...

কেইজন অসমীয়াই জানে তেওঁক...
ৰাজ্যৰ ৰাজনীতিলৈ আহিবলৈ বিচৰা গৌৰৱকে পাতিব পাৰে বিৰোধী দলপতি !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in