/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/393b3d46-b87c-4a10-9c8e-1216c5eb559a/GOLAGHAT_21.jpg)
গোলাঘাটত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন...
ডিজিটেল সংবাদ গোলাঘাটঃ "বসুধৈৱ কুতুম্বকমৰ বাবে যোগ"- এই মূল বিষয়বস্তুৰে আজি গোলাঘাটতো নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় । এই উপলক্ষে গোলাঘাট নগৰৰ ইণ্ড'ৰ ক্ৰিকেট ষ্টেডিয়ামত ৰাষ্ট্ৰীয় আয়ুষ অভিযান, অসমৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত সমূহীয়া যোগাভ্যাস কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/bc4236e8-addb-492b-ae5b-d6cddc97d77c/7ead9d92_2f38_4c6a_9267_8704153d5501.jpg)
মুখ্য যোগ প্ৰশিক্ষক দীপক গগৈৰ নেতৃত্বত পাঁচজনীয়া প্ৰশিক্ষকৰ এটা দলে সকলোকে সমূহীয়াভাবে যোগাভ্যাস কৰোৱায়। যোগাভ্যাসত গোলাঘাটৰ উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, আৰক্ষী অধীক্ষক শ্ৰীপুষ্কিন জৈন, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ ৰঞ্জিত ভূঞা, কেইবাগৰাকীও প্ৰশাসনিক বিষয়া, বিভিন্ন বিভাগৰ জিলা মুৰব্বী আৰু বিষয়া-কৰ্মচাৰী, চিকিৎসক-স্বাস্থ্যকৰ্মী আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
উল্লেখযোগ্য যে এইবাৰৰ যোগ দিৱসৰ মূল বিষয়বস্তু হ'ল "বসুধৈৱ কুতুম্বকম"ৰ বাবে যোগ। অৰ্থাৎ এক বিশ্ব-এক পৰিয়ালৰ ধাৰণাৰে সকলোৰে কল্যাণ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/da894703-ff82-4d5c-94d8-ddc6a19c991a/b6bc43d4_0b50_4441_8210_4935cf820348.jpg)
Also Read: বিজেপিৰ মতে কাম কৰে নিৰ্বাচন আয়োগে ! শিৱসেনাৰে এ জে পিৰ বৈঠক...