আজি বিশ্ব হস্তী দিৱসঃ চাওঁক আজিৰ তাৰিখত অসমত কিমান হাতী আছে...

আজি বিশ্ব হস্তী দিৱসঃ চাওঁক আজিৰ তাৰিখত অসমত কিমান হাতী আছে...
আজি বিশ্ব হস্তী দিৱসঃ চাওঁক আজিৰ তাৰিখত অসমত কিমান হাতী আছে...

ডিজিটেল সংবাদ কাজিৰঙাঃ আজি বিশ্ব হস্তী দিৱস। হাতীৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে সমগ্ৰ বিশ্বতে আজিৰ দিনটো হস্তী দিৱস হিচাপে উদযাপন কৰা হয় ৷ হস্তী দিৱসৰ এই বৰ্ষৰ থিম হিচাপে লোৱা হৈছে “Safeguarding Elephant Habitats For a Sustainable Tomorrow” ৷

উল্লেখ্য যে বিশ্বত হাতীৰ সুৰক্ষা, সংবৰ্ধন আৰু হাতী-মানুহৰ সংঘাত দূৰীকৰণৰ বাবে ২০১২ৰ পৰা প্ৰতি বছৰে আয়োজন কৰি অহা হৈছে হস্তী দিৱস। আৰু আজিৰ দিনটোলৈকে কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুন সংস্থাপন কেন্দ্ৰত ১৫০টা হাতী চিকিৎসা কৰি পুনৰ মুকলি কৰি দিয়া হৈছে অৰণ্যত ৷

কেন্দ্ৰটিৰ চিকিৎসক ড° চামচুল আলীৰ মন্তব্য হাতী মানুহৰ সংঘাতৰ বিপৰীতে সহবাস কৰাটো অত্যন্ত প্ৰয়োজন হৈ পৰিছে ৷ বিশেষকৈ হাতীৰ কৰিডৰ অথৱা পথসমূহ সূচল কৰি ৰাখিব লাগে ৷

বৰ্তমান অসমত মাত্ৰ ৫৭০০ হাতীহে আছে ৷ হাতী সংৰক্ষনৰ বাবে কৰণীয় বা প্ৰয়োজনীয়তা যথেষ্ট আছে ৷ শেহতীয়া দশকত ৰাজ্যত ১৩০০ হাতীৰ বিভিন্ন কাৰণবশত মৃত্যু হৈছে ৷

বিচৰণভূমি সংকোচিত হোৱাটোও হাতী কমি অহাৰ এটা কাৰণ ৷ৰাইজ সজাগ হোৱাৰ প্ৰয়োজন আছে বুলি মত ব্যক্ত চিকিৎসকগৰাকীৰ ৷

আজি বিশ্ব হস্তী দিৱসঃ চাওঁক আজিৰ তাৰিখত অসমত কিমান হাতী আছে...
বোকাজানত ৭ কোটি টকাৰ মৰ্ফিনসহ ৩ সৰবৰাহকাৰী আটক...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in