বোকাজানত ৭ কোটি টকাৰ মৰ্ফিনসহ ৩ সৰবৰাহকাৰী আটক...

বোকাজানত ৭ কোটি টকাৰ মৰ্ফিনসহ ৩ সৰবৰাহকাৰী আটক...
বোকাজানত ৭ কোটি টকাৰ মৰ্ফিনসহ ৩ সৰবৰাহকাৰী আটক...

ডিজিটেল সংবাদ বোকাজানঃ বোকাজান মহকুমা আৰক্ষীয়ে ১১আগষ্ট, শুকুৰবাৰে তাৰিখে দুটা সফল অভিযানত প্ৰায় ৭কোটি টকাৰ মৰ্ফিনসহ ৩টাকৈ সৰবৰাহকাৰীক জালত পেলাই। দিনৰ ভাগতে বালিজানত ৩কোটি টকাৰ মৰ্ফিন জব্দ কৰাৰ লগতে দুটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছিল।

পুনৰ নিশালৈ গোপন তথ্যৰ ভিত্তিত অসম নাগালেণ্ড সীমান্তৰ লাহৰিজান পি পিৰ সমীপৰ নাকা তালাচীত ডিমাপুৰ দিশৰ পৰা আহি থকা WB-06J-0370নম্বৰৰ এখন SWIFT বাহনত তালাচী চলাই দুটা পেকেটত প্ৰায় ১ কিলোগ্ৰাম ওজনৰ মৰ্ফিন জব্দ কৰাৰ লগতে মণিপুৰৰ ঠৌবাল জিলাৰ মুৱাজ নামৰ সৰবৰাহকাৰীটোক আটক কৰে।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া অনুসৰি এই ১ কিলোগ্ৰাম মৰ্ফিন খিনিৰ বজাৰ মূল্য প্ৰায় ৪ কোটি টকা। বৰ্তমান তিনিওটা সৰবৰাহ কাৰীক আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখিছে।

বোকাজানত ৭ কোটি টকাৰ মৰ্ফিনসহ ৩ সৰবৰাহকাৰী আটক...
চিচিবৰগাঁও সমষ্টি সংৰক্ষণ মুক্ত ঘোষণাঃ ৰাইজৰ মাজত আনন্দৰ লহৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in