/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/1d8e1267-e8d4-41fa-a9e9-851db8a131a8/mou_palan.jpg)
ডিজিটেল সংবাদ,গোলাঘাট : প্ৰতি বছৰে ২০ মে’ৰ দিনটো বিশ্ব মৌ পালন দিৱস হিচাপে পালন কৰা হয় ৷ সেই উপলক্ষে শনিবাৰে গোলাঘাটৰ কমাৰবন্ধাৰ চুতীয়া গাঁৱৰ মৌ পালকসকল তথা জিলা মৌ পালন প্ৰশিক্ষণ আৰু ব্যৱস্থাপনা সমিতিৰ উদ্যোগত বি জে পিৰ কৃষাণ মৰ্চা আৰু বহুমুখী কৃষি প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ সহযোগত বিশ্ব মৌ পালন দিৱস পালন কৰা হয় ৷
বিশিষ্ট মৌ পালক তনু বৰাৰ বাসভৱনত জিলা বিজেপিৰ কৃষাণ মৰ্চাৰ সভাপতি হৰেণ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আতঁ ধৰে পাৰ্থপ্ৰতীম ৰাজপুতে ৷ আদৰণি ভাষণ ৰাখে মৌ পালক তনুৰাম বৰাই ৷ সভাত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ সৰ্বভাৰতীয় আচঁনিৰ বিষয়া কুটুবুদ্দিন আহমেদ,কনিষ্ঠ বিজ্ঞানী পাৰ্থপ্ৰতীম জ্ঞানোদয় দাসে মৌ পালনৰ বিষয়ে ৰাইজক বিষদভাৱে কয়। সভাত বি জে পিৰ স্থানীয় কৰ্মকৰ্তা আৰু ৰাইজ উপস্থিত থাকে ৷
Also Read: জোনমনি ৰাভাৰ আত্মাৰ সদগতিৰ বাবে টেঙাখাতত বন্তি প্ৰজ্বলন