/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/4d901918-d707-436a-9490-2dcf5ae2d971/AP_FOR_WEB_promod.jpg)
হিমন্ত বিশ্ব শৰ্মাৰ শাসনক সোণালী যুগৰ সৈতে তুলনাঃ সংবাদ মেলত প্ৰমোদ বড়ো...
ডিজিটেল সংবাদ কোকৰাঝাৰঃ ভাৰতৰ নিৰ্বাচন আয়োগে শুকুৰবাৰে প্ৰকাশ কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণ চূড়ান্ত তালিকা। ইয়াৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত আছে। তাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইউ পি পি এলৰ মূৰব্বী প্ৰমোদ বড়োৱে।
এক সংবাদ মেল সম্বোধন কৰি ইউ পি পি এলৰ সভাপতি তথা বি টি চি প্ৰধান প্ৰমোদ বড়োৱে বি টি আৰ এলেকাত ১৫ টা বিধানসভা সমষ্টি অন্তৰ্ভুক্তি হোৱাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে। ইয়াৰোপৰি তেওঁ আগন্তুক লোকসভা নিৰ্বাচনক লৈও এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
প্ৰমোদ বড়োৱে সংবাদ মেলত স্পষ্টকৈ কয়, ইউ পি পি এলে কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। নতুনকৈ নামাকৰণ কৰা মঙলদৈ-ওদালগুৰি লোকসভা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। লগতে তেওঁ এই কথাও দোহাৰে যে এই সম্পৰ্কে এই পৰ্যন্ত কোনো আনুষ্ঠানিক আলোচনা হোৱা নাই।
কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ২৫ খন লোকসভা আসনতে বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি কিছুদিন পূৰ্বে মন্তব্য কৰিছিল। তাৰ পাছত প্ৰমোদ বড়োৱে এইদৰে কোকৰাঝাৰ লোকসভা আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি ৰাজহুৱাকৈ কৰা মন্তব্যই আগন্তুক সময়ত যে প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত সৃষ্টি হ'ব পাৰে তাৰ এক ইংগিত পোৱা গৈছে।
অৱশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তৈলমৰ্দন কৰি প্ৰমোদ বড়োৱে এই কথাও কয় যে, যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা থাকিব তেতিয়ালৈকে বেছি নিৰ্বাচনী প্ৰচাৰ কৰাৰ প্ৰয়োজন নাই। উত্তৰ পূৰ্বাঞ্চলৰ সকলো কথা হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতে নিৰ্ভৰ কৰে। তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ শাসনৰ সময়ছোৱাক সোণালী যুগ আখ্যা দি কয়, নৱগঠিত INDIA ৰ কোনো প্ৰভাৱ নপৰে।
ইফালে বি টি আৰত ১৫ টা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হোৱাৰ বাবে তেওঁ এই অঞ্চলটোৰ উন্নয়নত ত্বৰাম্বিত হ'ব বুলি মন্তব্য কৰি কয়, স্বায়ত্বশাসিত এলেকাত অনুসূচিত জনজাতিৰ বাবে অধিক সমষ্টি সংৰক্ষণ হ'ব লাগে ।
লগতে তেওঁ চূড়ান্ত তালিকাখন এতিয়াও সম্পূৰ্ণভাৱে অধ্যায়ন কৰিবলৈ বাকী আছে বুলি উল্লেখ কৰি অধ্যায়ন সম্পূৰ্ণ হ'লেই সকলো জনাম বুলিও কয়। এই চূড়ান্ত তালিকাই ৰাইজৰ চিন্তাধাৰাক প্ৰতিফলিত কৰিছে নে নাই, ৰাইজৰ ওজৰ -আপত্তি কিমান শতাংশ মানি লৈছে সেয়া অধ্যায়নৰ পিছত হে গম পোৱা যাব ।
লগতে তেওঁ বহু কেইটা সমষ্টিৰ পুনৰ নামাকৰণ কৰাৰ পাছত দুটা নাম দেখা গৈছে। এই সন্দৰ্ভত তেওঁ কয়, এয়া হয়তো আৱেগ জড়িত থকাৰ বাবে তেনেকৈ ৰাখিছে । ইফালে বহু চৰ্চিত ওদালগুৰী লোকসভা সমষ্টি গঠন নোহোৱাৰ প্ৰসংগত কয়, এই সমষ্টিটো গঠনৰ দাবী সদায়েই থাকিব।