অলিম্পিকত অসমীয়াঃ ৫ গৰাকীৰ এগৰাকীহে সফল...

অলিম্পিকত অসমীয়াঃ ৫ গৰাকীৰ এগৰাকীহে সফল...
অলিম্পিকত অসমীয়াঃ ৫ গৰাকীৰ এগৰাকীহে সফল...

আজি আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস। অলিম্পিকৰ ইতিহাসত অসমৰ খেলুৱৈৰ উপস্থিতি তেনেই সামান্য। মাত্ৰ ৫ গৰাকী খেলুৱৈয়ে এই পৰ্যন্ত ভৰি দিছে অলিম্পিকত। সফলতা লাভ কৰিছে মাত্ৰ এগৰাকীয়ে। তেওঁলোকৰ সবিশেষ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।

বিশ্বৰ প্ৰতিগৰাকী খেলুৱৈৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰাটো সপোন। এই সপোনৰ পিছে পিছে দৌৰি কোনোবা যদি সফল হৈছে আন বহুতেই আধৰুৱা সপোনৰেই খেলুৱৈ জীৱন ত্যাগ কৰিবলৈ বাধ্য হৈছে। কোনোবাই যদি অলিম্পিকৰ মঞ্চত অসামান্য সফলতা অৰ্জন কৰিছে আন কোনোবাই আকৌ অলিম্পিক যোগ্যতা অৰ্জন কৰিও পদক বঞ্চিত হৈ ৰৈছে।

আজি সমগ্ৰ বিশ্বতে পালন কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস। অসম অলিম্পিক সন্থাৰ উদ্যোগত ডিগ্ৰুগড়তো অনুষ্ঠিত হৈছে বিশেষ কাৰ্যসূচী। পুৱাৰে পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ সমূহ বিষয়ববীয়াৰ লগতে সভাপতি সৰ্বানন্দ সোণোৱালো উপস্থিত আছে।

সমূহীয়া দৌৰকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা এই অনুষ্ঠান বহু ক্ৰীড়াবিদে অংশগ্ৰহণ কৰিছে। অসমৰ পৰা অলিম্পিকত অংশগ্ৰহণ কৰা খেলুৱৈৰ সংখ্যা তেনেই সীমিত।

মাত্ৰ ৫ গৰাকী খেলুৱৈয়ে এই পৰ্যন্ত অলিম্পিকত অংশগ্ৰহণৰ সুযোগ লাভ কৰাৰ বিপৰীতে একমাত্ৰ লাভলীনা বৰগোহাঁইয়ে পদক লাভ কৰাৰ গৌৰৱ অৰ্জন কৰিছে। তেওঁৱেই অসমৰ একমাত্ৰ মহিলা অলিম্পিয়ান। অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰা অসমৰ খেলুৱৈসকলৰ বিষয়ে চাই লও আহক এইসমূহ কথা-  

লাভলীনা বৰগোহাঁই

টকিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ লগে লগে লাভলীনা বৰগোহাঁইয়ে সৃষ্টি কৰিছিল ইতিহাস। তেওঁ হৈ পৰিছিল অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া। তেওঁৰ পূৰ্বে বক্সাৰ শিৱ থাপাই অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি আন এক ইতিহাস ৰচনা কৰিছিল।

প্ৰথমবাৰৰ বাবে অলিম্পিক যোগ্যতা অৰ্জন কৰা লাভলীনাই সেই সুযোগক সত ব্যৱহাৰ কৰি প্ৰতিযোগিতাখনত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সক্ষম হল। তেওঁৱেই এই পৰ্যন্ত অলিম্পিকত পদক লাভ কৰা একমাত্ৰ অসমীয়া।

লাভলীনাৰ জন্ম হৈছিল ১৯৯৭ চনৰ ২ অক্টোবৰত। গোলাঘাটৰ বাৰমুখীয়া গাঁৱত জন্মগ্ৰহণ কৰা লাভলীনাই বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসমৰ নতুন প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তুলিছে।

২০২০ চনৰ মাৰ্চ মাহত লাভলীনা বৰগোহাঁয়ে Asia & Oceania Boxing Olympic Tournamentত উজবেকিস্তানৰ মাফতুনাখন মেলিয়ভাৰ বিৰুদ্ধে ৫-০ৰ ব্যৱধানত জয়লাভ কৰি টকিঅ’ অলিম্পিকত নিজৰ স্থান সুৰক্ষিত কৰিছিল। ইয়াৰ পূৰ্বে ২০১৮ চনত অনুষ্ঠিত Asian Olympic Qualifiersত ব্ৰঞ্জৰ পদক অৰ্জনেৰে লাভলীনা বৰগোহাঁয়ে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা প্ৰথম অসমীয়া মহিলা বক্সাৰ হিচাপে পৰিগণিত হৈছিল।

অলিম্পিক পদক বিজয়ৰ পাছতেই আকৌ ভাৰতত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰি লাভলীনা হৈ পৰিল বিশ্ব চেম্পিয়ন। ইয়াৰ উপৰিও তেওঁৰ নামত আছে ২০১৮ আৰু ২০১৯ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ দুটাকৈ ব্ৰঞ্জৰ পদক, ২০১৭ আৰু ২০২১ এছিয়ান চেম্পিয়নশ্বিপৰ দুটাকৈ ব্ৰঞ্জৰ পদক। লাভলীনাই আগবঢ়োৱা এনে প্ৰদৰ্শনৰ বাবেই তেওঁলৈ প্ৰথমে অৰ্জুন সন্মান লাভ কৰাৰ উপৰিও পৰৱৰ্তী সময়ত ক্ৰীড়া ক্ষেত্ৰত সৰ্বোচ্চ সন্মান খেলৰত্ন লাভ কৰিছে।

শিৱ থাপা

অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা শিৱ থাপা অসমৰ প্ৰথমগৰাকী বক্সাৰ। বিভিন্ন ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সফলতা অৰ্জন কৰি অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা শিৱই ২০১২ ত ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হৈছিল।  

২০১২ চনত লণ্ডন অলিম্পিকৰ মূল প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ২০১২ চনত কাজাখাস্তানত অনুষ্ঠিত Asian Olympic Qualifiersত সোণৰ পদক লাভ কৰাৰ লগে লগে শিৱ থাপাৰ ২০১২ চনত লণ্ডন অলিম্পিকত স্থান নিশ্চিত হৈছিল।  শিৱ থাপাই লণ্ডন অলিম্পিকত অংশগ্ৰহণৰ সুযোগ লাভ কৰাৰ লগে লগে অলিম্পিকলৈ যোৱা সৰ্বকনিষ্ঠ ভাৰতীয় বক্সাৰ হিচাপেও পৰিগণিত হয়।

কিন্তু দুৰ্ভাগ্যজনক ভাৱে  সেইবাৰ অলিম্পিকত শিৱই প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈ বিদায় ল’বলগীয়া হয়। দ্বিতীয়বাৰৰ বাবে শিৱই ২০১৬ ৰ ৰিঅ’ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে।সেইবাৰো তেওঁ ২০১২ ৰ লণ্ডন অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী কিউবাৰ ৰবিছে ৰেমিৰেজৰ হাতত পৰাজয়বৰণ কৰে। বক্সিং ক্ষেত্ৰখনলৈ আগবঢ়োৱা এই অৱদানৰ বাবে তেওঁ লাভ কৰিছে সন্মানীয় অৰ্জুন সন্মান।

জয়ন্ত তালুকদাৰ

অসমত আৰ্চাৰী বুলি কলেই সকলোৰে মুখত এটাই নাম জয়ন্ত তালুকদাৰ। ভাৰতীয় আৰ্চাৰীত জয়ন্ত তালুকদাৰৰ এখন নিগাজী আসন আছে। ১৯৮৬ চনত গুৱাহাটীত জন্মগ্ৰহণ কৰা জয়ন্ত তালুকদাকৰ ভাৰতৰ এগৰাকী অন্যতম প্ৰতিভাৱান আৰ্চাৰ।

তেওঁ ২০০৪ ত জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰা ভাৰতীয় দলৰ অংশ আছিল৷ ২০০৬ ৰ আৰ্চাৰী বিশ্বকাপত ব্যক্তিগত শাখাত তেওঁ লাভ কৰিছিল সোণৰ পদক। একেটা বছৰতে তেওঁ ফিটা মেটেকাস্কান বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপত পুনৰ সোণৰ পদক অৰ্জন কৰিছিল।

সেই বছৰেই ড’হা এছিয়ান গেমছত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছিল। প্ৰতিযোগিতাখনত তেওঁ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে। জয়ন্ত তালুকদাৰে প্ৰথমবাৰৰ বাবে অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল ২০১২ চনৰ লণ্ডন অলিম্পিকত।

লণ্ডন অলিম্পিকত তেওঁ ব্যক্তিগত আৰু দলীয় দুয়োটা শাখাতেই অংশগ্ৰহণ কৰিছিল। অৱশ্যে তেওঁ ইয়াৰো কোনো এটা শাখাতেই সফলতা লাভ নকৰিলে। ২০০৭ চনত তেওঁ সন্মানীয় অৰ্জুন বঁটা লাভ কৰিছে। এই সন্মান লাভ কৰা অসমৰ তৃতীয়গৰাকী এথলীট হিচাপে পৰিগণিত হৈছিল।

দীপাংকৰ ভট্টাচাৰ্য

শ্বাটলাৰ দীপাংকৰ ভট্টাচাৰ্যৰ জন্ম হৈছিল ১৯৭২ চনৰ ১ ফেব্ৰুৱাৰীত। পিতৃৰ ওচৰত বেডমিণ্টনৰ আদিপাঠ গ্ৰহণ কৰা দীপাংকৰ ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত বেংগালুৰুলৈ গৈ বিখ্যাত বেডমিণ্টন খেলুৱৈ প্ৰকাশ পাডুকনৰ বেডমিণ্টন একাডেমীত বেডমিণ্টনৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।

দীপাংকৰ ভট্টাচাৰ্যই প্ৰথমবাৰৰ বাবে ছাব জুনিয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰিছিল ১৩ বছৰ বয়সত। তেওঁ  হৈ পৰিছিল অসমৰ ৰাজ্যিক বেডমিণ্টন দলৰ নিয়মীয়া সদস্য। তেওঁ অসমক ছাব জুনিয়ৰৰ লগতে জুনিয়ৰ নেশ্যনেল চেম্পিয়নশ্বিপত খিতাপ জয় কৰাত সহায় কৰিছিল।

১৯৯৪ চনত দীপাংকৰ ভট্টাচাৰ্যই লাভ কৰে প্ৰথমটো ৰাষ্ট্ৰীয় ছিনিয়ৰ বেডমিণ্টন খিতাপ। ১৯৯২ চনত প্ৰথমবাৰৰ বাবে তেওঁ অলিম্পিকত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিল।

সেইবাৰ তেওঁ অলিম্পিকৰ মঞ্চত ভাৰতীয় পতাকা কঢ়িয়াই নিয়াৰো সুযোগ লাভ কৰিছিল। ১৯৯২ চনত বাৰ্চিলোনা অলিম্পিকত অংশগ্ৰহণ কৰাৰ পাছত ১৯৯৬ চনত তেওঁ পুনৰ আটলাণ্টা অলিম্পিকত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। অৱশ্যে দুয়োখন প্ৰতিযোগিতাতে তেওঁ পদক লাভৰ পৰা বঞ্চিত হয়।

ডা: টালিমেৰণ আও

অসমৰ প্ৰথমগৰাকী অলিম্পিয়ান আছিল ডাঃ টালিমেৰণ আও। ভাৰতৰ ফুটবল জগতৰ তেওঁ সৰ্বকালৰ অন্যতম এজন শ্ৰেষ্ঠ ফুটবলাৰ। যাৰ ভৰি স্পৰ্শ কৰি আচৰিত হৈ পৰিছিল অলিম্পিকৰ প্ৰতিপক্ষ।

ডাঃ টালিমেৰণ আও আছিল ভাৰতীয় ফুটবল দলৰ অধিনায়ক। টালিমেৰণ আওৰ জন্ম হৈছিল ১৯১৮ চনত। প্ৰথম অৱস্থাত কলকাতাৰ বিখ্যাত মহাৰাণা ক্লাবত খেলাৰ পাছত ১৯৪৩ চনত তেওঁ মোহন বাগানৰ গৈ খেলিবলৈ আৰম্ভ কৰে।

দেশে স্বাধীনতা লাভ কৰাৰ পাছত তেওঁ হৈ পৰে স্বাধীন ভাৰতৰ প্ৰথম ফুটবল দলৰ অধিনায়ক। ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত ভাৰতীয় ৰাষ্ট্ৰীয় ফুটবল দলটোক  তেওঁ নেতৃত্ব প্ৰদান কৰিছিল। অলিম্পিকৰ প্ৰথমখন খেলত ৰ্তমানৰ ম্যানমাৰ বিৰুদ্ধে ভাৰতীয় দলে ৱাকঅভাৰ লাভ কৰাৰ পাছত ফ্ৰান্সৰ বিৰুদ্ধে খেলপথাৰত নামিছিল।

অলিম্পিকত অসমীয়াঃ ৫ গৰাকীৰ এগৰাকীহে সফল...
চৌদিশে বানপানীঃ সুৰক্ষিত স্থান বিচাৰি বিশ্বনাথত কাজিৰঙাৰ হাতীৰ জাক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in