খাদ্যৰ সংকটত দিশহাৰা এজাক বনৰীয়া হাতী...

নুমলীগড়ৰ জনাঞ্চলত সাধাৰণভাৱে বিচৰণ হাতীৰ

author-image
Asomiya Pratidin
New Update
খাদ্যৰ সংকটত দিশহাৰা এজাক বনৰীয়া হাতী...

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড়ৰ লেটেকুজান চাহ বাগিচাৰ দৃশ্য এইয়া । বহুদিন ধৰি হাতীৰ বৃহৎ এটা জাকে আশ্ৰয় লৈছে চাহ বাগিচাত। খাদ্যৰ বাবেই এখন চাহবাগিছাৰ পৰা আন এখন চাহ বাগিচালৈ ঢাপলি মেলিছে হাতীৰ জাকটো । লগত বহুকেইটা এমা-ডিমা পোৱালি ।

Advertisment

কিন্তু হাতীৰ জাকটো দেখিলে দুখ লগা হৈছে। কাৰণ খাবলৈ নাপায় হাতীৰ স্বাস্থ্য একপ্ৰকাৰৰ দুখ লগা ৰূপ দেখা পোৱা গৈছে। বনাঞ্চল সংকুচিত হোৱাৰ ফলত জনাঞ্চলত এতিয়া দিশহাৰা হৈছে বন্যজীৱ। দুই এক লোকে হাতীৰ জাকটো এনেকৈ থকাত কলগছ দিছে যদিও পৰ্যাপ্ত নহয় । সৰু সৰু পোৱালি বোৰৰ বাবেই প্ৰায় দুই, তিনিমাহ ধৰি এনেকৈয়ে আছে হাতীৰ জাকটো।

আৰু পঢ়ক : লিকাবালিৰ আকাশী গংগাত জনসমুদ্ৰ...

elephant numaligarh