লিকাবালিৰ আকাশী গংগাত জনসমুদ্ৰ...

প্ৰাত:স্নানৰ বাবে সমবেত হেজাৰ হেজাৰ লোকে

author-image
Asomiya Pratidin
New Update
লিকাবালিৰ আকাশী গংগাত জনসমুদ্ৰ...

ডিজিটেল সংবাদ : বিগত বৰ্ষৰ দৰে এইবাৰো অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চল লিকাবালিৰ আকাশী গংগাত পুণ্য স্নানৰ বাবে দেখা গ'ল অগণন লোকৰ সমাগম। মকৰ সংক্ৰান্তিৰ দিনটোৰ ব্ৰহ্মপুৱাৰ পৰাই দেখা গ'ল বিৰ দি বাট নোপোৱা অৱস্থা। অসমৰ বিভিন্ন স্থানৰ পৰা সমবেত হ'ল হেজাৰ হেজাৰ লোক। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লানি নিচিগা যান বাহনৰ শাৰীৰ বাবে সৃষ্টি হ'ল ব্যাপক যান জঁট।

উল্লেখযোগ্য যে চিলাপথাৰৰ পৰা ১৩ কিলোমিটাৰ আৰু লিকাবালিৰ পৰা ৬ কিলোমিটাৰ অকোৱা পকোৱা আলং পথেৰে যাত্ৰা কৰিলেই পোৱা যায় এক ঐতিহাসিক শিৱ মন্দিৰ। এই মন্দিৰৰ পৰা ৮৫০ টা নিম্নমুখী খটখটীৰে যাত্ৰা কৰিলেই উপস্থিত হ'ব পাৰি প্ৰকৃতিৰ নৈসৰ্গিক সৌন্দৰ্য্যৰে ভৰা এক জলপ্ৰপাতত। এই জল প্ৰপাতকে পবিত্ৰ আকাশী গংগা নামেৰে যুগ যুগ ধৰি ৰাইজে মানি আহিছে। ৰাইজৰ বিশ্বাস যে, দুখন সুউচ্চ পাহাৰৰ ফাঁকেৰে কুলু কুলু ধ্বনিৰে নিৰন্তৰ ভাৱে বৈ থকা এই সুন্দৰ জলধাৰাত স্নান কৰিলে মোচন হয় জীৱন কালত মানুহে কৰা জ্ঞাত অজ্ঞাত সকলো পাপ।

একালত অসমৰ অধীনত থকা আৰু বৰ্তমান অৰুণাচল প্ৰদেশৰ আওঁতাত এই জলধাৰা দৰ্শন আৰু স্নানৰ বাবে হেতা ওপৰা লগোৱা পৰিলক্ষিত হল ৰাইজৰ মাজত। এই অঞ্চলত প্ৰৱেশৰ বাবে আন্তঃৰাজ্যিক পাৰ পত্ৰৰ প্ৰয়োজন যদিও আকাশী গংগা দৰ্শনাৰ্থীৰ বাবে তিনিটা দিন পাৰ পত্ৰ শিঠিল কৰিছে প্ৰদেশখনৰ প্ৰশাসনে। অৱশ্যে কোনো কালে প্ৰৱেশ মাচুল নোলোৱা আকাশী গংগা পৰিদৰ্শনৰ বাবে এইবাৰ ধনো সংগ্ৰহ কৰিছে আয়োজক সমিতিয়ে।

প্ৰতিজন ভক্তৰ পৰা ২০ টকাকৈ ধন সংগ্ৰহ কৰাৰ ওপৰিও পাৰ্কিঙৰ নামতো সংগ্ৰহ কৰিছে ধন। দৰ্শনাৰ্থী সকলৰ ৯৫ শতাংশই অসমৰ বিভিন্ন স্থানৰ পৰা অহা লোক। ভক্ত-দৰ্শনাৰ্থী অসমৰ, পুৰোহিত অসমৰ আৰু ভূমিও একালত অসমতেই আছিল। মাথো ধন সংগ্ৰহকাৰী আৰু তিথিৰ নামতহে বেপাৰ অৰুণাচলীৰ বুলি ভক্তই খেদ প্ৰকাশ কৰা দেখা গ'ল।

আৰু পঢ়ক : ৰোমাঞ্চকৰ মেছত ড্ৰ' খেলিলে ভাৰত-ইংলেণ্ডে...

assam