গোলাঘাটৰ শাওঁতলী বিল পাৰত বন্যহস্তীৰ উপদ্ৰৱ

দুটাকৈ বাসগৃহ ভাঙি তহিলং কৰিলে বন্যহস্তীয়ে

author-image
Asomiya Pratidin
New Update
গোলাঘাটৰ শাওঁতলী বিল পাৰত বন্যহস্তীৰ উপদ্ৰৱ

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ কেইবাটাও স্থানত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ । কাষৰীয়া নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভায়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ দলে নিতৌ মানুহৰ ঘৰদুৱাৰ ভাঙি তহিলং কৰিব ধৰিছে যদিও বনবিভাগে ৰাইজৰ জীৱন আৰু সম্পত্তিক নিৰাপত্তা প্ৰদান কৰাত ব্যৰ্থ হোৱাহে দেখা গৈছে।

Advertisment

বন্যহস্তীৰ দলে বিশেষ কৈ জিলা খনৰ গাড়ী গাওঁ , শাওতলী আৰু মষঙী মৌজাৰ বিভিন্ন স্থানত সন্ত্ৰাস অব্যাহত ৰাখিছে।। যোৱা নিশা জাকৰ পৰা ওলাই অহা তিনিটা বন্যহস্তীয়ে শাওঁতলীৰ দুঘৰ মানুহৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি তচ নচ কৰে । শাঁওতৰী বিলপাৰ গাঁৱৰ অনিমা চাৰু আৰু লোহিত ভূমিজৰ ঘৰ দুটা ভাঙি তহিলং কৰাৰ লগতে বাসগৃহ দুটাৰ ভিতৰৰ আচবাব , বিচনা , খাদ্য সামগ্ৰী নষ্ট কৰে । তাৰোপৰি বন্যহস্তীয়ে বাৰীৰ বহুখিনি শস্য খায় অনিষ্ট কৰে । বন বিভগৰক অৱগত কৰাৰ পাছতো কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ তুলিছে ভুক্তভোগী তথা স্থানীয় ৰাইজে ।

Also Read: অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়সূচী প্ৰকাশ

golaghat FOREST DEPARTMENT