মৰঙিত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস

মৰঙিত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস

author-image
Asomiya Pratidin
New Update
মৰঙিত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস

ডিজিটেল সংবাদ, নুমলীগড়: নুমলীগড়ৰ কাষৰীয়া মৰঙিত অব্যাহত বন্যহস্তীৰ সন্ত্ৰাস। গোলাঘাট জিলাৰ মৰঙিত এতিয়া দিনে নিশাই অব্যাহত বনৰীয়া হাতীৰ সন্ত্ৰাস। দিনৰ ভাগত চাহ বাগিচাত আশ্ৰয় লোৱা হাতীয়ে নিশা সমীপৰ অঞ্চলসমূহত প্ৰৱেশ কৰি মানুহৰ ঘৰ-বাৰী সকলো লণ্ড-ভণ্ড কৰে। হাতীৰ এই উপদ্ৰৱত এতিয়া উপায়ন্তৰ হৈ পৰিছে মৰঙি বাসী ৰাইজ।

Advertisment

বৃহত্তৰ অঞ্চলটোৰ চুমনিত শনিবাৰে নিশা হাতীৰ জাকে বাসগৃহ ক্ষতি কৰাৰ লগতে অঞ্চলটোৰ বহুকেইটা পৰিয়ালৰ বাৰী তহিলং কৰে। ইফালে হাতীৰ এটা জাকে হালোৱা গাঁও, জাঠিপটীয়া, মিঠাআম চাপৰিৰ ৰাইজৰ শালিধানৰ পথাৰৰো যঠেষ্ট ক্ষতি কৰে । নিতৌ খাদ্যৰ সন্ধানত জনাঞ্চলত বিচৰণ কৰিবলৈ লৈছে হাতীৰ জাকে ।‌ যাৰ ফলত এতিয়া বিপদত পৰিছে ৰাইজ।

Also Read: 'এছিয়ান গেমছ-২০২৩'ত ভাৰতীয় হকী দলে ১৬-০ গলত পৰাস্ত কৰে উজবেকিস্তানক

Wild elephanat