'এছিয়ান গেমছ-২০২৩'ত ভাৰতীয় হকী দলে ১৬-০ গলত পৰাস্ত কৰে উজবেকিস্তানক

'এছিয়ান গেমছ-২০২৩'ত ভাৰতীয় হকী দলে ১৬-০ গলত পৰাস্ত কৰে উজবেকিস্তানক

ডিজিটেল ডেস্কঃ 'এছিয়ান গেমছ ২০২৩'ৰ প্ৰথম দিনাই ভাৰতীয় খেলুৱৈসকলে ভাৰতলৈ কঢ়িয়াই আনিলে শুভবাৰ্তা। প্ৰথম দিনৰ আৰম্ভনীতে ৫ টাকৈ পদক অৰ্জন কৰি পদক তালিকাৰ তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হ'ল ভাৰত।

ৰয়িং খেলত ৩টা আৰু এয়াৰ ৰাইফেলত ২টা পদক জয় কৰাৰ বিপৰীতে চেমি ফাইনেলত বাংলাদেশক ৮ উইকেটত পৰাস্ত কৰি ইতিমধ্যেই ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে ।

'এছিয়ান গেমছ-২০২৩'ত ভাৰতৰ পুৰুষ হকী দলটোৱে উজবেকিস্তানৰ দলটোক ১৬-০ গলত পৰাস্ত কৰি পদক জয়ৰ দিশে আগবাঢ়িছে। দেওবাৰে অনুষ্ঠিত হোৱা এই খেলখলত পুৰুষ হকী দলটোৰ খেলুৱৈ মনপ্ৰিত, ললিত আৰু বৰুণে হেটট্ৰিক অৰ্জন কৰিবলৈ সক্ষম হয়।

ইফালে ভাৰতৰ টেবুল টেনিছ খেলুৱৈ হৰমিত দেশাইয়ে এলান কুৰমানগালিয়েভক ৩-০ গেমত পৰাস্ত কৰি পদক জয়ৰ দিশে অগ্ৰসৰ হৈছে।

'এছিয়ান গেমছ-২০২৩'ত ভাৰতীয় হকী দলে ১৬-০ গলত পৰাস্ত কৰে উজবেকিস্তানক
প্ৰথম দিনাই ৫টা পদকেৰে 'এছিয়ান গেমছ-২০২৩'ত উজলিছে ভাৰতীয় খেলুৱৈ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in