বন বিভাগৰ গুৰুত্বহীনতাৰ বাবেই গৃহহীন হ'ল ৭ টা পৰিয়ালঃ বন্যহস্তীৰ তাণ্ডৱত দিশহাৰা সকলো...

বন বিভাগৰ গুৰুত্বহীনতাৰ বাবেই গৃহহীন হ'ল ৭ টা পৰিয়ালঃ বন্যহস্তীৰ তাণ্ডৱত দিশহাৰা সকলো...

author-image
Asomiya Pratidin
New Update
বন বিভাগৰ গুৰুত্বহীনতাৰ বাবেই গৃহহীন হ'ল ৭ টা পৰিয়ালঃ বন্যহস্তীৰ তাণ্ডৱত দিশহাৰা সকলো...

বন বিভাগৰ গুৰুত্বহীনতাৰ বাবেই গৃহহীন হ'ল ৭ টা পৰিয়ালঃ বন্যহস্তীৰ তাণ্ডৱত দিশহাৰা সকলো...

ডিজিটেল সংবাদ গোলাঘাটঃ গোলাঘাটৰ খুমটাইৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনেই বৃদ্ধি পাইছে বন্যহস্তিৰ চূড়ান্ত উপদ্ৰৱ । বৃহস্পতিবাৰে নিশা শাওঁতলী চাপৰিত এটা বৃহৎ বন্যহস্তীৰ জাকে সম্পূৰ্ণৰূপে তচনচ কৰিলে ৭ টা বাসগৃহ ।

Advertisment

কথমপিহে প্ৰাণ ৰক্ষা পৰিল গৃহস্থৰ ৷ খুমটাইৰ শাওঁতলী চাপৰি,তলচাপৰি আদি কেইবাখনো গাঁৱত নিশা এটা বৃহৎ বনৰীয়া হাতীৰ জাকে চলালে তাণ্ডৱ ৷ প্ৰায় ৭০ টা হাতী থকা জাকটোৱে জনাঞ্চলত প্ৰৱেশ কৰি কৃষক ৰাইজৰ সৰিয়হ,ৰঙালাও,আলু আদি বিভিন্ন খেতিত তাণ্ডৱ চলোৱাৰ লগতে সাতটা বাসগৃহ কৰিলে সম্পূৰ্ণৰূপে তচনচ।

পকা ঘৰৰ বেৰ ভাঙি ভিতৰত থকা কুইন্টলে কুইন্টলে ধান খালে হাতীৰ জাকটোৱে ।শাওঁতলী চাপৰিত ধ্বংস কৰা ঘৰ কেইটাৰ সকলো সামগ্ৰী,আচবাব নষ্ট কৰিলে এই হাতীৰ জাকটোৱে।

এনে পৰিস্থিতি শীতৰ প্ৰকোপৰ মাজত এতিয়া তেওঁলোক ক’ত থাকিব, কি খাব, কেনেদৰে জীৱন চলাব, তাকে ভাবি দিশহাৰা হৈছে পৰিয়াল কেইটা ৷ ইফালে অভিযোগ অনুসৰি বন্যহস্তীৰ জাকটোৰ বিষয়ে বন বিভাগক খবৰ দিয়া হৈছিল যদিও তেওঁলোকে হাতীৰ জাকটোক খেদি পঠিওৱাৰ বাবে কোনোধৰণৰ ব্যৱস্থা নল'লে।

একমাত্ৰ বনবিভাগৰ গুৰুত্বহীনতাৰ বাবেই বৃহত্তৰ অঞ্চলটোত ৭ টা বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি তচনচ কৰিলে হাতীৰ জাকটোৱে ৷ সেয়ে বনবিভাগৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ।

Also Read: পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আহ্বান দিলীপ শইকীয়াৰঃ ড০ হীৰেন গোঁহাইকো সমালোচনা...

বন্যহস্তীৰ আক্ৰমণ