Advertisment

পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আহ্বান দিলীপ শইকীয়াৰঃ ড০ হীৰেন গোঁহাইকো সমালোচনা...

পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আহ্বান দিলীপ শইকীয়াৰঃ ড০ হীৰেন গোঁহাইকো সমালোচনা...

author-image
Asomiya Pratidin
New Update
পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আহ্বান দিলীপ শইকীয়াৰঃ ড০ হীৰেন গোঁহাইকো সমালোচনা...

পৰেশ বৰুৱাক শান্তি আলোচনাৰ বাবে আহ্বান দিলীপ শইকীয়াৰঃ ড০ হীৰেন গোঁহাইকো সমালোচনা...

ডিজিটেল সংবাদ মঙ্গলদৈঃ আজি সন্ধিয়া ৫ বজাত দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰ ৰাজ্যৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে আলোচনাপন্থী আলফাৰ শান্তি চুক্তি সম্পন্ন হ'ব।

Advertisment

এই শান্তি চুক্তিক প্ৰাকক্ষণত মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই কৰিছে তাৎপৰ্যপূৰ্ণ মন্তব্য। তেওঁ কয়, পৰেশ বৰুৱাই শান্তি চুক্তিৰ আলোচনাত অংশগ্ৰহণ নকৰিলে কোনো সমাধান সূত্ৰ নোলাব।

ইয়াৰোপৰি সাংসদগৰাকীয়ে পৰেশ বৰুৱাক শান্তি চুক্তি আলোচনাত অংশগ্ৰহণ কৰিবলৈও আহ্বান জনাইছে। ইফালে বিশিষ্ট বুদ্ধিজীৱি ড০ হীৰেন গোঁহাইৰ সন্দৰ্ভতো তেওঁ মন্তব্য কৰিছে।

ড০ গোঁহাই প্ৰসংগত তেওঁ কয়,অসম আন্দোলনৰ বিৰোধিতা কৰা, অসম আন্দোলনক নস্যাৎ কৰা, আলফাক বিৰোধিতা কৰা এটা সময়ত PCG ৰ অধ্যক্ষ ডঃ হীৰেন গোহাঁইৰ সদিচ্ছা নথকাৰ কাৰনেই সেই সময়ত আলফাৰ লগত আলোচনা সম্পূৰ্ণ নহ'ল।

Also Read: মূল্যবান চেগুন কাঠ আঁতৰাই প্লাষ্টিকেৰে কাৰ্যালয়ৰ নিজা কোঠা সজাইছে নগাঁৱৰ আয়ুক্তই..

আলফা দিলীপ শইকীয়া মঙ্গলদৈ