বাহিৰলৈ ওলাব নোৱাৰাকৈ স্বামীয়ে সংযোগ কৰি থয় বিদ্যুতৰ তাঁৰঃ কৰুণ মৃত্যু পত্নীৰ...

বাহিৰলৈ ওলাব নোৱাৰাকৈ স্বামীয়ে সংযোগ কৰি থয় বিদ্যুতৰ তাঁৰঃ কৰুণ মৃত্যু পত্নীৰ...

author-image
Asomiya Pratidin
New Update
বাহিৰলৈ ওলাব নোৱাৰাকৈ স্বামীয়ে সংযোগ কৰি থয় বিদ্যুতৰ তাঁৰঃ কৰুণ মৃত্যু পত্নীৰ...

বাহিৰলৈ ওলাব নোৱাৰাকৈ স্বামীয়ে সংযোগ কৰি থয় বিদ্যুতৰ তাঁৰঃ কৰুণ মৃত্যু পত্নীৰ...

ডিজিটেল ডেস্কঃ বোকাখাতত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। স্বামীয়ে সংযোগ কৰি থোৱা বিদ্যুতৰ তাঁৰত লাগি পত্নীৰ মৃত্যুৰ হোৱাৰ দৰে ঘটনা সংঘটিত হৈছে।

Advertisment

জানিব পৰা মতে বোকাখাতৰ ৰজাবাৰী পল ক্লাবৰ সমীপত সংঘটিত হৈছে এই ঘটনা। নিজ পত্নীক ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰাকৈ স্বামীয়ে প্ৰতিদিনে সংযোগ কৰি ৰাখে বিদ্যুতৰ তাঁৰ।

বাবুল নাহক নামৰ এই লোকজনে প্ৰতিদিনে ওলাই যোৱাৰ সময়তে পত্নী বিনীতা তাঁতীক ঘৰত থৈ যোৱাৰ সময়ত বিছনাৰ কাষতে বিদ্যুতৰ তাঁৰ সংযোগ কৰি থয়। এনেদৰে সংযোগ কৰি থোৱা বিদ্যুতৰ তাঁৰত লাগি বিনীতা তাঁতীৰ মৃত্যু হয়।

ইফালে এই ঘটনা সন্দৰ্ভত কেমেৰাৰ সন্মুখতে স্বীকাৰোক্তি প্ৰদান কৰিছে বাবুল নাহকে। ঘটনা সন্দৰ্ভত বোকাখাত আৰক্ষীয়ে বাবুল নাহকক আটক কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে।

Also Read: ঢকুৱাখনালৈ অসম আৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান জি পি সিং

অপৰাধ বোকাখাত