গোলাঘাট জিলাৰ চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

গোলাঘাট জিলাৰ চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

ডিজিটেল সংবাদ, গোলাঘাটঃ বৃহস্পতিবাৰে গোলাঘাট জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত গোলাঘাটৰ জিলা আয়ুক্ত ডাঃ পি উদয় প্ৰৱীণৰ সভাপতিত্বত জিলাখনৰ সকলো ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ৰ ৰাজনৈতিক দল সমূহৰ উপস্থিতিত গোলাঘাটৰ চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়।

চুড়ান্ত তালিকা অনুসৰি গোলাঘাট সমষ্টিত ৪,৮২১ জন, দেৰগাঁও সমষ্টিত ৩,৮৬২ জন, বোকাখাত সমষ্টিত ৩,৪৪৯ জন, খুমটাই সমষ্টিত ৪,১৮১ জন আৰু সৰুপথাৰ সমষ্টিত ৩,৯৭৮ জন ভোটাৰৰ অন্তৰ্ভুক্তিৰে সমগ্ৰ জিলাখনত সৰ্বমুঠ ২০,২৯১ জন নতুন ভোটাৰ অন্তৰ্ভুক্ত হৈছে। ইয়াৰ লগতে সমগ্ৰ প্ৰক্ৰিয়াটোত গোলাঘাট সমষ্টিত ৬.৩০৪ জন, দেৰগাঁও সমষ্টিত ৬.০৬৪ জন, বোকাখাত সমষ্টিত ৪.৮৬৯ জন, খুমটাই সমষ্টিত ৫.৫৪৯ জন আৰু সৰুপথাৰ সমষ্টিত ৩.২৫২ জন ভোটাৰৰ নাম কৰ্তনেৰে সমগ্ৰ জিলা খনত মুঠ ২৬,০৩৮ জন ভোটাৰৰ নাম কৰ্তন কৰা হৈছে।

প্ৰকাশিত চুড়ান্ত তালিকা অনুসৰি সমগ্ৰ প্ৰক্ৰিয়াৰ অন্তত গোলাঘাট সমষ্টিত ২,০০,৪২৯ জন, দেৰগাঁও সমষ্টিত ১,৭২,২৭৮ জন, বোকাখাত সমষ্টিত ১,৫৭,২৪৭ জন, খুমটাই সমষ্টিত ১,৬৪,১৪৮ জন আৰু সৰুপথাৰ সমষ্টিত ১,৯২,১৫০ জন ভোটাৰ সন্নিবিষ্ট হৈছে। এই তালিকাৰ ক্ষেত্ৰত ৰাইজৰ যিকোনো ওজৰ আপত্তি জিলা আয়ুক্তৰ কাৰ্যালয়, সংশ্লিষ্ট চক্ৰ বিষয়াৰ কাৰ্যালয় অথবা নিজ নিজ বি.এল.অ.ক জনাব পাৰিব।

তালিকাত ভোটাৰৰ নাম অন্তৰ্ভুক্তি, কৰ্তন, শুধৰণি, স্থানান্তৰ ইত্যাদিৰ বাবে আবেদন সমূহ নিৰ্দিষ্ট বি.এল.অ.ৰ যোগেদি অথবা নিৰ্ধাৰিত ৱেবচাইট voters.eci.gov.in ত অথবা Voter Helpline মবাইল Appৰ যোগেদি আগন্তুক দিনবোৰত দাখিল কৰিব পাৰিব। ইয়াৰ লগতে ভোটাৰ তালিকাত নিজ নিজ নামসমূহ ceoassam.nic.in অথবা golaghat.assam.gov.in ত গৈ পৰীক্ষা কৰিব পাৰিব। আয়ুক্ত গৰাকীয়ে এই সমগ্ৰ প্ৰক্ৰিয়াটোত সকলো ৰাইজ তথা সাংবাদিক সকলৰো সহায় সহযোগিতা কামনা কৰে।

সভাত অতিৰিক্ত আয়ুক্ত দামোদৰ বৰ্মন, নিৰ্বাচনী বিষয়া হৃষিকেশ বৰুৱা বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি সকল, সাংবাদিক সকলৰ লগতে জিলা-প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে।

গোলাঘাট জিলাৰ চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ
দেৰগাঁৱত ৰুদ্ৰযজ্ঞ উৰ্যাপন সমিতি গঠন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in