দেৰগাঁৱত ৰুদ্ৰযজ্ঞ উৰ্যাপন সমিতি গঠন

সভাত সকলোৱে একেমুখে ঐতিহাসিক নেঘেৰিটিং শিৱ দ’লত যথাসম্ভৱ সোনকালে যথাৰীতি এভাগ ৰুদ যজ্ঞ অনুস্থিত কৰাত সহমত দিয়ে৷

author-image
Asomiya Pratidin
New Update
দেৰগাঁৱত ৰুদ্ৰযজ্ঞ উৰ্যাপন সমিতি গঠন

ডিজিটেল সংবাদ, গোলাঘাটঃ বৃহস্পতিবাৰে দেৰগাঁৱৰ ঐতিহাসিক বুঢ়ী গোসাঁনী দেৱালয়ত আচাৰ্য ৰোহিনী বল্লভ গোস্বামীৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা এখনি ৰাজহুৱা সভাত নেঘেৰিটিঙৰ শিৱদৌলত এভাগ ৰূদ্ৰ যজ্ঞ অনুষ্ঠিত কৰাৰৰ বিষয়টো সবিস্তাৰে আলোচনা কৰা হয়।

সভাত সকলোৱে একেমুখে ঐতিহাসিক নেঘেৰিটিং শিৱ দ’লত যথাসম্ভৱ সোনকালে যথাৰীতি এভাগ ৰুদ যজ্ঞ অনুস্থিত কৰাত সহমত দিয়ে৷ সকলোৰে দিহা পৰামৰ্শত আগন্তুক অসমীয়া নৱবৰ্ষৰ আৰম্ভণিতে আঠ ব’হাগ ইং ২১ এপ্ৰিলত নেঘেৰিটিং শিৱ দ’ল প্ৰাংগনত এদিনীয়াকৈ ৰুদ্ৰযজ্ঞ ভাগ আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হয় ৷

সভাই সৰ্বসন্মতিভাৱে আচাৰ্য ৰোহিনী বল্লভ গোস্বামীক সভাপতি, উমা শংকৰ চাহু কাৰ্যকৰী সভাপতি আদিত্য ঠাকুৰ,উদয় ভাস্কৰ বৰুৱা , জিন্তু আগৰৱালা ,শান্তনু কলিতা, অৰুনাভ কলিতাক উপসভাপতি অশ্বীনি বৰঠাকুৰক কোষাধ্যক্ষ , পবিত্ৰ ঠাকুৰক প্ৰধান সম্পাদক , অমৰজ্যাতি বৰঠাকুৰ, বুবু গোস্বামী , ৰঞ্জিত দাস , বিপুল কৈৱৰ্ত্তক সম্পাদক আৰু মাধুৰ্য্য বৰা ক প্ৰচাৰ সম্পাদক ৰূপে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰি দিয়ে।

Also Read: বসুন্ধৰা আঁচনিৰ লাভ পাবলৈ হ'লে হ'ব লাগিব ভূমিহীন, দৰিদ্ৰ আৰু খিলঞ্জীয়া...

dergaon golaghat Negheriting Shiva Doul