/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ddedfac2-1d26-49af-80b8-0f062ea9f106/uriwamghat.jpg)
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট জিলাৰ সৰুপথাৰ-উৰিয়ামঘাট ২নং আজাৰগুৰীত শোকাবহ ঘটনা সংঘটিত হৈছে । একেইটা কুঁৱাৰ ভিতৰতে প্ৰাণ হেৰুৱাবলগীয়া হ'ল পিতা-পুত্ৰই । এটা কুঁৱাৰ পৰা পানী উত্তোলন নোহোৱাৰ বাবে নিৰঞ্জন ব্ৰহ্ম (৬০) নামৰ লোকজনে কুঁৱটোৰ পৰা পানী উত্তোলনৰ বাবে সংযোগ কৰি থোৱা মটৰটো চাবলৈ যাওঁতেই পিছলি প্ৰায় ৩০ ফুট গভীৰ কুঁৱাত সোমাই যায়।নিজ পুত্ৰ শিৱম ব্ৰম্মই তেওঁক বছাবলৈ যাওঁতে তেওঁও খহি পৰে।
দুয়োগৰাকীৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে । উৰিয়ামঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈছে ।
Also Read: এইবাৰ ভূইকঁপে জোকাৰিল কাশ্মীৰ: দিল্লী-এনচিআৰতো কম্পনৰ অনুভৱ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us