গোলাঘাট ৰঙাজানৰ অবৈধ টোলগেট বন্ধ কৰাৰ দাবীত কেইবাটাও সংগঠনৰ প্ৰতিবাদ...

গোলাঘাট ৰঙাজানৰ অবৈধ টোলগেট বন্ধ কৰাৰ দাবীত কেইবাটাও সংগঠনৰ প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
গোলাঘাট ৰঙাজানৰ অবৈধ টোলগেট বন্ধ কৰাৰ দাবীত কেইবাটাও সংগঠনৰ প্ৰতিবাদ...

গোলাঘাট ৰঙাজানৰ অবৈধ টোলগেট বন্ধ কৰাৰ দাবীত কেইবাটাও সংগঠনৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ গোলাঘাটঃ 'ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰে দুবছৰীয়া বৰ্ষপুৰ্তি সম্পূৰ্ণ কৰাৰ সময়তে ৰাজ্যখনৰ জনগণৰ ওপৰত চৰকাৰে অস্বাভাৱিকভাৱে মূল্যবৃদ্ধি আৰু অত্যাধিক কৰৰ বোজা জাপি দিয়াত ৰাজ্যখনৰ দৰিদ্ৰ জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থা হৈছেগৈ।' - এই অভিযোগ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।

Advertisment

ৰাজ্যৰ বিভিন্ন স্থানত ২৭খন টোলগেটৰ কাম সম্পূৰ্ণ কৰিবলৈ লোৱা সময়তে আজি গোলাঘাট জিলাৰ ৰঙাজানৰ ৩৯ ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ কৰা ৰঙাজান টোলগেট বন্ধ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি, দুৰ্নীতি বিৰোধী যুৱ শক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সমিতিৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক পিণ্টু গগৈয়ে কয় যে, "দুটা বছৰ সম্পূৰ্ণ কৰা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজাই আছে কিন্তু সেই উন্নয়ন ৰাইজৰ পক্ষত হোৱা নাই, বৰঞ্চ হিমন্ত বিশ্ব শৰ্মা আৰু চৰকাৰে মুষ্টিমেয় ব্যক্তি স্বাৰ্থহে উন্নয়ন কৰিছে।

পিণ্টু গগৈয়ে লগতে আৰু কয় যে, ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা টোলগেটখন সম্পূৰ্ণ টোলগেটৰ বিধি উলংঘা কৰি নিৰ্মাণ কৰিছে লগতে এই টোলগেট দুই লেন যুক্ত পথত নিৰ্মাণ কৰিছে। যাতায়তৰ পাৰ্কিঙৰ কোনো সুবিধা নাই। জৰাজীৰ্ণ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আদি সম্পূৰ্ণৰূপে নীতি বৰ্হিভূতভাৱে এই টোলগেট বিজেপি চৰকাৰে নিৰ্মাণ কৰিছে।

এই অবৈধ টোলগেট চৰকাৰে বন্ধ কৰিব লাগিব বুলি মন্তব্য কৰি তেওঁ কয়- যদিহে মূল্যবৃদ্ধি, অত্যাধিক কৰৰ বোজাৰ উপৰিও ভোটৰ ওপৰত দানহ পৰাদি আকৌ এইদৰে অসমৰ জনতাৰ ওপৰত অবৈধ টোলগেটৰ বোজা জাপি দিয়া হয় তেন্তে পৰিস্থিতি ভয়াবহ হ'ব আৰু লগতে এই অবৈধ ৰঙাজান টোলগেট ৰাইজৰ সহযোগত ভাঙি দিয়া হ'ব বুলিও তেওঁ হুংকাৰ দিয়ে।

আনহাতে দুৰ্নীতি বিৰোধী যুৱ শক্তি গোলাঘাট জিলা সমিতিৰ সভাপতি গোলক দাসে এই টোলগেট বন্ধ নোহোৱা পৰ্যন্ত সংগ্ৰাম চলি যাব বুলি মন্তব্য কৰে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিৰ যুটীয়া সম্পাদক হিৰক জ্যোতি শইকীয়াই চৰকাৰক কঠোৰ সমালোচনা কৰি এই টোলগেট শীঘ্ৰেই বন্ধ নহ'লে আন্দোলনে জংগী ৰূপ ধাৰণ কৰিব। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা কাৰ্যকৰী সভাপতি অৰিন্দম তামূলী আৰু সম্পাদক ৰূপম গগৈয়েও বিজেপি চৰকাৰৰ এই নীতি বৰ্হিভূত আৰু জনবিৰোধী টোলগেট শীঘ্ৰেই বন্ধ কৰাৰ দাবী জনায়।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি, ছাত্ৰ মুক্তি আৰু দুনীৰ্তি বিৰোধী যুৱ শক্তি গোলাঘাট জিলা সমিতিৰ সহস্ৰাধিক নেতা কৰ্মীৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকি প্ৰতিবাদত সাব্যস্ত কৰে।

Also Read: তামিলনাডুত সন্ধানহীন অসমৰ বোৱাৰী

অবৈধ টোলগেট