তামিলনাডুত সন্ধানহীন অসমৰ বোৱাৰী

কৰ্ম সংস্থাপনৰ বাবে বহিঃ ৰাজ্যলৈ গৈ পুনৰ এগৰাকী বোৱাৰী সন্ধানহীন হোৱা ঘটনা সংঘটিত হৈছে

author-image
Asomiya Pratidin
New Update
তামিলনাডুত সন্ধানহীন অসমৰ বোৱাৰী

ডিজিটেল সংবাদ, কামপুৰঃ .কৰ্ম সংস্থাপনৰ বাবে বহিঃ ৰাজ্যলৈ গৈ পুনৰ এগৰাকী বোৱাৰী সন্ধানহীন হোৱা ঘটনা সংঘটিত হৈছে । নগাঁও জিলাৰ কামপুৰৰ তেঁতেলীসৰা গাঁৱৰ পৰা কামপুৰ চৰাইহাগী গাঁৱৰ গোলাপ দাস নামৰ এজন যুৱকৰ লগতে কিছু বছৰৰ আগতে বিয়া হোৱা কল্পনা দাস নামৰ বোৱাৰী গৰাকী তামিলনাডুৰ কান্নাপাৰ নগৰত সন্ধানহীন হোৱাত অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে।

উল্লেখ্য কিছু বছৰৰ পূৰ্বে নিজ স্বামীৰ সৈতে বহিঃ ৰাজ্য তামিলনাডু লৈ কৰ্ম সংস্থাপনৰ বাবে গৈছিল কল্পনা দাস । আজি প্রায় এসপ্তাহ ধৰি তামিলনাডুত সন্ধানহীন হোৱা বোৱাৰী গৰাকী নিজৰ কৰ্মস্থলীৰ পৰা উভতাৰ পথত সন্ধানহীন হোৱা বুলি জনা গৈছে।

ইতিমধ্যে স্বামী আৰু পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰিও কোনো অনুসন্ধান নোপোৱাত তামিলনাডুৰ এখন থানাত গোচৰ তৰা পিছতো এতিয়ালৈকে কোনো ধৰণৰ সন্ধান পোৱা নাই।। যাৰ ফলত উপায় হীন পৰিয়ালৰ লোকে সংবাদ মাধ্যমৰ যোগেদি সমূহ ৰাইজলৈ আহ্বান কোনো লোকে বোৱাৰীৰ কিবা সম্ভেদ পালে ৭০৩২২০৬৩৫৩ অথবা ৬০০৩৭৩৪৩৭৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। ।

Also Read: মণিপুৰত ভয়ংকৰ পৰিস্থিতি ! ৰাষ্ট্ৰপতি শাসনৰ দাবী কংগ্ৰেছৰ