পূজাৰ বোনাচক কেন্দ্ৰ কৰি ঊষা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

পূজাৰ বোনাচক কেন্দ্ৰ কৰি ঊষা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ, মেৰাপানীঃ এপেক্স বেংকৰ ঋণ লৈ বিত্তীয় কেলংকাৰীত নাম সাঙুৰ খোৱা ব্যৱসায়ী ৰাজেশ বাজাজৰ মালিকাধীন ঊষা চাহ বাগিচাত শ্ৰমিকক পূজাৰ বোনাচ প্ৰদান নকৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উতপ্ত পৰিস্থিতি। শীঘ্ৰেই শ্ৰমিকক বোনাচ আদায় দিয়াৰ দাবীত বুধবাৰে জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান আটছাৰ।

পূজালৈ মাত্ৰ এটা দিন বাকী থকাৰ সময়টো ঊষা চাহ বাগিচাৰ শ্ৰমিকসকলে লাভ কৰা নাই বোনাচ। এই সন্দৰ্ভত আটছাই বান্ধি দিলে সময়সীমা। ২৪ ঘন্টাৰ ভিতৰত বাগিছাৰ শ্ৰমিকক বোনাছ প্ৰদান নকৰিলে যি কোনো পৰিস্থতিৰ সংঘটিত কৰাৰ সকীয়নি দিছে আটছাই। গোলাঘাট জিলাৰ ৯০ খন চাহ বাগিচাৰ শ্ৰমিকে বোনাচ পোৱাৰ পাছত কেৱল মাত্ৰ ঊষা চাহ বাগিচাৰ শ্ৰমিকে পোৱা নাই বোনাচ পোৱা নাই বুলি উল্লেখ কৰি আটছাই গোলাঘাট জিলা সমিতি বাগিছাত আহি কৰ্তৃপক্ষক সকীয়নি প্ৰদান কৰে।

ইফালে বোচান সন্দৰ্ভত বাগিচাৰ পৰিচালনা কৰ্তৃপক্ষক বাৰে বাৰে অনুৰোধ জনোৱাৰ পাছতো দিম বুলি কৈ দিন পিছুৱাই আহিছিল কৰ্তৃপক্ষই। বোনাচৰ প্ৰদানৰ সন্দৰ্ভত বুধবাৰে গোলাঘাট জিলাৰ উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে অসম মজদুৰ সংঘৰ গোলাঘাট জিলা সমিতিৰ উষা চাহ বাগিচা গোটৰ লগত আলোচনাত মিলিত হয় আটছাৰ বিষয়ববীয়া । ইফালে জিলাৰ উপায়ুক্তৰ হৈ গোলাঘাটৰ চক্ৰ বিষয়াই গ্ৰহন কৰে স্মাৰক পত্ৰ।

পূজাৰ বোনাচক কেন্দ্ৰ কৰি ঊষা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি
ভূমি বিবাদৰ বাবেই গুণ্ডাবাহিনী লগাই ভাঙিলে ঘৰ, লুটি নিলে আ-অলংকাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in