/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/b4644722-ee7c-4f80-8541-5df8ccf9ac2e/2.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ মঙলবাৰে নিশা ধুবুৰীৰ গৌৰীপুৰৰ আলমগঞ্জত এটা পৰিয়ালৰ ঘৰ-বাৰী ভাঙি অত্যাচাৰ চলাই এটা ৫০/৬০ জনীয়া গুণ্ডাবাহিনীৰ এটা দলে। ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ প্ৰথম খণ্ড (আমবাৰি )গাওঁত সংঘটিত হৈছে এই ঘটনা৷
জানিব পৰা মতে বহুদিনীয়া ভূমি বিবাদৰ ফলতেই সংঘটিত হৈছে এই ঘটনা। ভুক্তভোগী জাহেৰ আলীয়ে বাস কৰা মাটিখিনিক লৈ জাহেৰ আলী আৰু আলাউদ্দিন নামৰ ব্যক্তি এজনৰ মাজত বহুদিনৰ পৰা চলি আছিল বিবাদ। দুয়োৰে মাজত বহুদিনৰ পৰা এটা আইনী গোচৰো চলি থকা বুলি জানিব পৰা গৈছে।
ঘটনাৰ বিৱৰণ অনুসৰি মঙলবাৰে নিশা হঠাতে আলাউদ্দিনে ৫০/৬০জনীয়া এটা ভাৰাতীয়া গুণ্ডাৰ দল লৈ আহি আক্ৰমণ কৰে জাহেৰ আলিৰ ঘৰত। এই আক্ৰমণৰ ফলত জাহেৰ আলীৰ বাসগৃহটোৰ যথেষ্ট ক্ষতি হয়। ইয়াৰ উপৰি গুণ্ডাবাহিনীৰ দলটোৱে জাহেৰ আলীৰ ঘৰৰ পৰা ৫ লক্ষাধিক টকাৰ বিভিন্ন নথি-পত্ৰ, সোণ-ৰূপৰ আ-অলংকাৰ আদিৰ লগতে বিভিন্ন সা-সামগ্ৰী লুটপাট কৰি লৈ যায় ৷
আনহাতে জাহেৰ আলীৰ বাসগৃহত থকা মহিলাসকলক চোকা অস্ত্ৰ আদিৰে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ লগতে গাত থকা বস্ত্ৰসমূহ চিৰি পেলোৱা বুলিওগুণ্ডাবাহিনীটোৰ ওপৰত অভিযোগ উত্থাপন হৈছে৷
এই ঘটনাৰ খবৰ পোৱাৰ পিছত গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ সঁজাতী দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। বৰ্তমান আলাউদ্দিন আৰু গুণ্ডা বাহিনীৰ দলটো পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ৷ ইপিনে এই সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে জাহেৰ আলীৰ পৰিয়ালটোৱে ৷
Also Read: ফুলগুৰি ধেৱাঃ নগাঁৱৰ 'মানুহ পোৰা বিল' সাক্ষী ইংৰাজৰ অত্যাচাৰ আৰু কৃষকৰ প্ৰথম বিদ্ৰোহৰ