কাৰ্বি আংলঙত অবাধ বন ধ্বংসই হাতী-মানুহৰ সংঘাতৰ প্ৰধান কাৰণ !

কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ সমীক্ষা : ২০২২-২৩ বৰ্ষত হস্তী-মানুহৰ সংঘাতত নিহত হৈছে ৮০ জন
কাৰ্বি আংলঙত অবাধ বন ধ্বংসই হাতী-মানুহৰ সংঘাতৰ প্ৰধান কাৰণ !

ডিজিটেল সংবাদ,কাজিৰঙা : হাতী-মানুহৰ সংঘাতৰ পৰিণতিত ৰাজ্যত বিগত ৫ বছৰত নিহত লোকৰ সংখ্যা প্ৰায় ৪০০ জন ৷ লোকসভাত কেন্দ্ৰীয় বন আৰু পৰিবেশ মন্ত্ৰালয়ে প্ৰকাশ কৰা প্ৰাপ্ত তথ্য অনুসৰি ২০২২-২৩ বৰ্ষত বৰ্তমানলৈকে ৰাজ্যত হস্তী-মানুহৰ সংঘাটত নিহত হৈছে ৮০ জন লোক ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাটে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সামান্তৰালভাৱে কাজিৰঙাতো ক্ৰমে বৃদ্ধি পাই আহিছে হাতী মানুহৰ সংঘাট । শেহতীয়াকৈ বন্যহস্তীৰ আক্ৰমনত কলিয়াবৰত দুজন আৰু বোকাখাতত এজন লোকে প্ৰাণ হেৰুৱাবলগীয়া ঘটনাই বোকাখাতৰ পৰা কলিয়াবৰলৈকে বৃহত্তৰ এলেকাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

অভিযোগ মতে এলেকাটোত বৃদ্ধি পাই অহা হাতী-মানুহৰ সংঘাতৰ প্ৰধান কাৰণ দাঁতি কাষৰীয়া কাৰ্বি আংলঙত অবাধ বন ধ্বংসৰ লগতে প্ৰভাৱশালী লোকৰ অবাধ পাহাৰ দখল ৷ ৰিজৰ্ট , চাহবাগিচা তথা আন ব্যৱসায়িক প্ৰতিস্থান নিৰ্মানৰ বাবে একাংশ প্ৰভাৱশালী লোকে নিজৰ খেয়ালখুচি মতে কাৰ্বি পাহাৰত খনন কাৰ্য চলাই অহাৰো অভিযোগ উত্থাপন হৈছে ৷

এই অভিযোগ আহিছে কাৰ্বি আংলঙৰ একাংশ মন্ত্ৰী-আমোলাৰ বিৰুদ্ধেও ৷ অভিযোগ মতে এই সকল লোকৰ দখলৰ পৰা বাদ পৰি যোৱা নাই এনিমেল কৰিডৰ ৷ হাতী বিচৰণ ভূমিত চলি থকা এই অবাধ বেদখলৰ বাবে খাদ্য তথা বিচৰণ ভূমিৰ অভাৱত জাকে জাকে হাতী প্ৰৱেশ কৰিছে কৃষিভূমিত ৷ যাৰ পৰিণতি ভোগ কৰিব লগিয়া হৈছে সাধাৰণ জনতাই ৷

নিজৰ গাঁৱখনতে নিৰাপত্তাহীনতাত ভুগিবলগীয়া অৱস্থাৰ সৃষ্টি হোৱাৰ লগতে খেতিডৰা সুৰক্ষা দিবলৈ গৈ হাতীৰ আক্ৰমনত প্ৰাণ দিব লগিয়া হৈছে কৃষকে ৷ আনহাতে হাতী মানুহৰ সংঘাটৰ ফল সমানে ভুগিবলগীয়া হৈছে হস্তীকূলে ৷ হস্তীকূলৰ নিৰাপত্তাৰ দিশতো প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে এচাম বেদখলকাৰীয়ে ৷

এনেক্ষেত্ৰত কাজিৰঙাবাসীৰ দাবী যে, চৰকাৰে হাতী-মানুহৰ সংঘাটৰ মূল কাৰকসমূহ চিহ্নিত কৰি হাতী মানুহ উভয়ৰে নিৰাপত্তা সুনিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহন কৰক ৷ অন্যথা বৃহৎ প্ৰতিবাদৰ সন্মুখীন হ’বলৈ সাজু থাকক চৰকাৰ প্ৰশাসন ৷

কাৰ্বি আংলঙত অবাধ বন ধ্বংসই হাতী-মানুহৰ সংঘাতৰ প্ৰধান কাৰণ !
চৰাইদেউৰ দুৱাৰ গাঁৱত অজগৰ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in