চুক্তি স্বাক্ষৰৰ পিছতেই আলফা আনুষ্ঠানিকভাৱে ভংগ কৰা হ’বঃ অনুপ চেতিয়া

চুক্তি স্বাক্ষৰৰ পিছতেই আলফা আনুষ্ঠানিকভাৱে ভংগ কৰা হ’বঃ অনুপ চেতিয়া

author-image
Asomiya Pratidin
New Update
চুক্তি স্বাক্ষৰৰ পিছতেই আলফা আনুষ্ঠানিকভাৱে ভংগ কৰা হ’বঃ অনুপ চেতিয়া

ডিজিটেল সংবাদ, কাজিৰঙাঃ কাজিৰঙাত আলফাৰ সম্পাদক অনুপ চেতিয়াৰ সংবাদমেল৷ সংবাদমেলত অনুপ চেতিয়াই সংবাদমেলৰ পূৰ্বে কাজিৰঙাৰ বচাগাঁওৰ ৱাইল্ড গ্ৰাছ ৰিজ’ৰ্টত বুধবাৰে সংযুক্ত মুক্তি বাহিনী অসমৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ উপস্থিতিত এক জৰুৰী সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয় বুলি জানিবলৈ দি জনাই যে, সভাত অসমৰ বিভিন্ন প্ৰান্তৰ ২ শতাধিক কৰ্মকৰ্তাৰ উপস্থিতিত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷

Advertisment

সংযুক্ত মুক্তি বাহিনী অসমৰ উপ-সভাপতি প্ৰদীপ গগৈ, কৰ্ণেল বিজু ডেকা উপস্থিত থকা সংবাদমেলত সাধাৰণ সম্পাদক অনুপ চেতিয়াই কয় যে, বোধহয় এইখনেই সংযুক্ত মুক্তি বাহিনী অসমৰ শেষ সভা৷ কাৰণ ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু সংযুক্ত মুক্তি বাহিনী অসমৰ ত্ৰিপাক্ষিক বৈঠকত চুক্তি স্বাক্ষৰিত হ’লে সংগঠন আনুষ্ঠানিকভাৱে ভংগ কৰা হ’ব৷

বুধবাৰৰ সভাত ত্ৰিপাক্ষিক বৈঠকত হ’ব লগা চুক্তিৰ খচৰা সন্দৰ্ভত আলোচনা কৰি উক্ত খচৰাৰ প্ৰতিটো দাবী দফা সভাত উপস্থিত সকলোকে বুজাই দিয়া হৈছে বুলি জানিবলৈ দি চেতিয়াই কয়, বিধানসভাত খিলঞ্জীয়াৰ বাবে ৯৪ টা আসন সংৰক্ষিত কৰাৰ দাবী খচৰাত সন্নিবিষ্ট কৰা হৈছে৷ এন আৰ চি শুদ্ধ হোৱাৰ দাবী সন্নিবিষ্ট থকাৰ কথা উল্লেখ কৰি শ্বহীদ, নিৰ্যাতিত আৰু নিৰুদ্দিষ্টৰ তালিকা সম্পূৰ্ণ প্ৰস্তুত কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও সংবাদ মেলত চেতিয়াই জানিব দিয়ে৷

এন আৰ চি শুদ্ধ হোৱাৰ দাবী সন্নিবিষ্ট থকাৰ কথা উল্লেখ কৰি শ্বহীদ, নিৰ্যাতিত আৰু নিৰুদ্দিষ্টৰ তালিকা সম্পূৰ্ণ প্ৰস্তুত কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলিও সংবাদ মেলত চেতিয়াই জানিব দিয়ে৷ ইফালে অতি সোনকালেই ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব বুলি জানিবলৈ দি কয়, চুক্তি স্বাক্ষৰৰ পিছতেই আলফা আনুষ্ঠানিক ভাৱে ভংগ কৰা হ’ব৷

Also Read: নৃশংস : ৮বাৰকৈ ট্ৰেক্টৰেৰে মহটিয়াই হত্যা কৰিলে ভাতৃক

ulfa