বোকাজানৰ পুৰণা লাহৰীজানত বৃহৎ পৰিমাণৰ মৰণাস্ত্ৰসহ দুজনক আটক...

বোকাজানৰ পুৰণা লাহৰীজানত বৃহৎ পৰিমাণৰ মৰণাস্ত্ৰসহ দুজনক আটক...
বোকাজানৰ পুৰণা লাহৰীজানত বৃহৎ পৰিমাণৰ মৰণাস্ত্ৰসহ দুজনক আটক...

ডিজিটেল সংবাদ বোকাজানঃ এক গোপন খবৰৰ ভিত্তিত কাৰ্বি আংলং আৰক্ষীয়ে আজি কেইবাটাও মৰণাস্ত্ৰসহ দুজনক আটক কৰে ৷ আৰক্ষীৰ সূত্ৰ অনুসৰি ডিলাই থানাৰ অন্তৰ্গত লাহৰীজান পহৰাদাৰী চকীৰ নাকা তালাচীৰ বিশেষ অভিযানত জব্দ হয় এই মৰণাস্ত্ৰসমূহ ৷

ডিমাপুৰৰ দিশৰ পৰা অহা WB 02 AH 1421 নম্বৰৰ ইক'স্পৰ্ট বাহনত তালাচী চলাই গোপন কক্ষৰ পৰা উদ্ধাৰ কৰে সাতটা 9mm পিষ্টল, এটা ৰিভলভাৰ, ১০টা মেগজিন, 9mmপিষ্টলৰ ৪০৭ৰাউণ্ড সজীৱ গুলী, 0.32 পিষ্টলৰ ৯৪ ৰাউণ্ড সজীৱ গুলী।

ইপিনে আৰক্ষীয়ে আটক কৰে দুই সৰৱৰাহকাৰীক ৷ অৱশ্যে আৰক্ষীয়ে এতিয়াও সৰৱৰাহকাৰী দুটাৰ নাম তদন্তৰ স্বাৰ্থত প্ৰকাশ কৰা নাই ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে দুই সৰৱৰাহকাৰীক ৷

বোকাজানৰ পুৰণা লাহৰীজানত বৃহৎ পৰিমাণৰ মৰণাস্ত্ৰসহ দুজনক আটক...
বটদ্ৰৱা থানলৈ অহা তীৰ্থযাত্ৰীক ছাঁ দিবলৈ গছপুলি ৰোপণ ৰাইডঙীয়াৰ যুৱকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in