/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/axbrfv0g/hththtj.png)
ইত্যাদি উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চৰ প্ৰতিষ্ঠা দিৱসঃ 'নাট্যসন্ধ্যা'ত প্ৰদৰ্শিত হ'ব দুখনকৈ নাটক...
ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক সমাজ আৰু সাহিত্য, সংস্কৃতিৰ নামত উৎসৰ্গিত গুৱাহাটীৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘ইত্যাদি উত্তৰ পূৰ্বাঞ্চল সাংস্কৃতিক মঞ্চ’ই প্ৰথমবাৰৰ বাবে আগবঢ়াব ‘বৰাক ব্ৰহ্মপুত্ৰ সমন্বয় বঁটা’, ‘শিল্পীপ্ৰাণ বঁটা’ আৰু ‘যুৱ প্ৰতিভা বঁটা’। আজি গুৱাহাটী প্ৰেছ ক্লাবত স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে আনুষ্ঠানিকভাৱে এই বঁটাসমূহ ঘোষণা কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/kho2bzfc/c99f2c11-5e38-4b13-a516-92841c45d2fa.jpg)
সেই অনুসৰি ‘বৰাক ব্ৰহ্মপুত্ৰ সমন্বয় বঁটা’ আগবঢ়াইছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুলৈ। ইত্যাদিৰ সভাপতি ড০ শিখা বেজবৰুৱা গোস্বামীয়ে আজি সংবাদ মেলত ঘোষণা কৰা অনুসৰি শংকৰদেৱ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ জাতি বৰ্ণ, ধৰ্ম নিৰ্বিশেষে বৰাক ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে সামাজিক আৰু সাংস্কৃতিক দায়দ্ধতাৰে অসমীয়া জাতিটোক জীয়া জাতি হিচাপে গঢ় দিবলৈ কৰা প্ৰচেষ্টাক সন্মান জনাই ডাঃ পেগুলৈ এই বঁটা আগবঢ়োৱা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/xl394yui/95cc684b-dc89-4c69-b713-49cba4df8498.jpg)
সেইদৰে সাংস্কৃতিক সাধনাৰ নিৰলস প্ৰচেষ্টাৰ বাবে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অভিনেতা, নাট্যকাৰ আৰু পৰিচালক পংকজ গোস্বামী আৰু বৰাক উপত্যকাৰ ইন্দ্ৰনীল দেলৈ আগবঢ়োৱা হৈছে ‘শিল্পী প্ৰাণ বঁটা’। নৱ প্ৰজন্মৰ বাবে এক আদৰ্শস্বৰূপ শিক্ষক, অভিনেতা, পৰিচালক, নাট্যকাৰ, সংস্কৃতিৰ গৱেষক ছাত্ৰ তথা সাংস্কৃতিক কৰ্মী চন্দ্ৰমণি গগৈলৈ আগবঢ়োৱা হৈছে ‘যুৱ প্ৰতিভা বঁটা’।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/5gv3t0jr/8ee53d2c-be5c-4453-836d-2e3766b5df56.jpg)
বঁটা প্ৰাপকসকলক অহা ৩০ অক্টোবৰত কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সন্ধিয়া ৫ বজাৰ পৰা ইত্যাদিৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হ’বলগীয়া ‘নাট্যসন্ধ্যা-২০২৪’ ত আনুষ্ঠানিকভাৱে বঁটাসমূহ প্ৰদান কৰা হ’ব। তেওঁ জনোৱা অনুসৰি অনুষ্ঠানতে দুখনকৈ বিশেষ নাটকো মঞ্চস্থ কৰা হব।
বৰাক উপত্যকাৰ পৰা আমন্ত্ৰিত নাট্যদল ৰেচ থিয়েটাৰে ইন্দ্ৰনীল দেৰ ৰচনা আৰু পৰিচালনাৰে পৰিবেশন কৰিব 'চল কাদাবি' আৰু 'ইত্যাদি' নাট্যদলে মঞ্চস্থ কৰিব 'শকুনিৰ প্ৰতিশোধ'। 'শকুনিৰ প্ৰতিশোধ' নাটকৰ পৰিচালনা পংকজ গোস্বামীৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/rcfwtc3n/df93da1a-beac-4212-ab95-de78345ee12d.jpg)
নাটকখনত অভিনয় কৰিব মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ খ্যাতনামা অভিনেতা ভৱেশ দাসৰ লগতে মোহময়ী অভিনেত্ৰী ভ্ৰান্তি মেধিয়ে। তাৰোপৰি নাটকখনত আন বহু কেইজন ভাওনা আৰু চলচ্চিত্ৰ জগতৰ তৰুণ অভিনেতাই অভিনয় কৰিব।
ইত্যাদিৰ সম্পাদক মহেন্দ্ৰ ৰাজখোৱাই আঁতধৰা আজিৰ এই সংবাদ মেলত ৰাজ্যৰ চলচ্চিত্ৰ আৰু মঞ্চ জগতৰ খ্যাতনামা জ্যেষ্ঠ অভিনেতা ভৱেশ দাস, মোহময়ী অভেনেত্ৰী ভ্ৰান্তি মেধিৰ লগতে আন আন কলা-কুশলীসকলো উপস্থিত থাকে। তেওঁলোকে সকলোকে নাট উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছে।
Also Read: ADRE ৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা সন্দৰ্ভত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কাৰ্যালয়ত সংবাদমেল