কাজিৰঙাত বনৰজাৰ গণনা প্ৰক্ৰিয়া

কাজিৰঙাত বনৰজাৰ গণনা প্ৰক্ৰিয়া

ডিজিটেল ডেস্কঃ কাজিৰঙাত আৰম্ভ হৈছে ২০২৪ বৰ্ষৰ বাঘ গণনা প্ৰক্ৰিয়া ৷ অল ইণ্ডিয়া টাইগাৰ এষ্টিমেশ্চনৰ আধাৰত বিজ্ঞানসন্মত ভাৱে টাইগাৰ মনিটৰিং কেমেৰা স্থাপন কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷ উদ্যানখনৰ অন্তঃভাগত ৫১০ টা কেমেৰাৰ দ্বাৰা প্ৰতিটো বাঘ সুক্ষ্মভাৱে নীৰিক্ষণ কৰি গণনা কৰিব উদ্যান কৰ্তৃপক্ষই ৷

দেৰমাহৰ পাছত এই কেমেৰাসমুহৰ দ্বাৰা সংগ্ৰহিত ছবিৰ জৰিয়তে চিনাক্ত কৰি বৰ্তমান কাজিৰঙাত থকা বাঘৰ সংখ্যা ঘোষণা কৰিব উদ্যান কৰ্তৃপক্ষই ৷ বিগত বৰ্ষত ১০৪ টা বাঘৰ উপস্থিতি পোৱা গৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷

আগন্তুক ফলাফলত বাঘৰ উপস্থিতিৰ সংখ্যা বৃদ্ধি পাব বুলি আশাবাদী উদ্যানখনৰ সঞ্চালিকা ড° সোণালী ঘোষ ৷ কিয়নো এইবৰ্ষত নতুনকৈ সংযোজিত হোৱা বিশ্বনাথ আৰু বুঢ়াচাপৰিতো কৰা হ'ব বাঘৰ গণনা ৷ ইয়াৰ লগতে ২০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ সমগ্ৰ অসমতে হাতী গণনা অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰিছে সঞ্চালিকা ড° ঘোষে ৷

কাজিৰঙাত বনৰজাৰ গণনা প্ৰক্ৰিয়া
ৰাজ্যত এতিয়াও অব্যাহত আছে গৰি চোৰৰ উপদ্ৰপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in