ডিজিটেল সংবাদ,ঘিলাধাৰী : এইবাৰ গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীআঠখেলীয়া নামঘৰত চুৰি কাৰ্য সংঘটিত হৈছে ৷ চোৰে নামঘৰৰ নৱনিৰ্মিত সিংহদ্বাৰৰ সন্মুখত থকা কেইবা হাজাৰ টকীয়া এটা এশ ৱাৰ্টৰ এল ইডি ফ্লাড লাইটৰ লগতে নামসিংহৰ তলত থকা নাৰিকল ঘটৰ পৰা দুখন গামোছা চোৰে লৈ যায় ৷
উল্লেখযোগ্য যে গোলাঘাটৰ অশ্লেষা খাউণ্ড স্মৃতি ন্যাসৰ উদ্যোগত প্ৰায় ৩৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সিংহদ্বাৰভাগি পবিত্ৰ ভাদ মাহৰ পহিলা দিনা ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে উদঘাটন কৰিছিল ৷ উদঘাটনৰ পিছতে নৱনিৰ্মিত সিংহদ্বাৰৰ সন্মুখত ন্যাসে পোহৰৰ কাৰণে কেইবা হাজাৰ টকীয়া এশ ৱাৰ্টৰ চাৰিটা এল ই ডি ফ্লাড লাইট সংস্থাপন কৰিছিল ৷ তাৰে এটা পোহৰ চাকি দেওবাৰে চোৰে লৈ যায় ৷
কেৱল তাতে ক্ষান্ত নাথাকি চোৰে সিংহদ্বাৰৰ দুয়োফালে নামসিংহৰ তলত থকা নাৰিকল ঘটকৰ পৰা দুখন গামোচা লৈ যায় ৷ ইয়াকে লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে৷
নামঘৰৰ কৰ্ণধাৰ সমিতি, অশ্লেষা খাউণ্ড স্মৃতি ন্যাস আৰু ভক্তিপ্ৰাণ ৰাইজে দুখ প্ৰকাশ কৰি প্ৰশাসনক শীঘ্ৰে দুস্কৃতিকাৰীক চিনাক্ত কৰি কৰায়ত্ত কৰিবলৈ দাবী জনাইছে ৷